নগাঁও, 22 ডিচেম্বৰ : মঙলবাৰে নগাঁৱৰ চলচলিত এক পথ দুর্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । AS-02N-1871 নম্বৰৰ এখন চুজুকি মটৰ চাইকেলত AS-01EL-5191 নম্বৰৰ হুণ্ডাই বাহনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
দুৰ্ঘটনাৰ ফলত মটৰ চাইকেলখনৰ ব্যাপক ক্ষতি হোৱাৰ লগতে আৰোহী মুন্না আহমেদ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইফালে, ঘটনা সংঘটিত কৰিয়েই বিলাসী বাহনখনে পলায়ন কৰিবলৈ চেষ্টা কৰোতেই স্থানীয় একাংশ লোকে আগুৰি ধৰে বাহনখনক ৷ পৰৱৰ্তী সময়ত একাংশ উত্তেজিত ৰাইজে বাহনখন জ্বলাই দিয়াৰো হুংকাৰ দিয়ে ৷
অৱশ্যে আৰক্ষী সঠিক সময়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বাহনখন থানালৈ লৈ যাবলৈ সক্ষম হয় ৷ ইতিমধ্যে, আঘাতপ্ৰাপ্ত মুন্না আহমেদক চলচলিস্থিত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
লগতে পঢ়ক : জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড: কুকুৰৰ শৰীৰত ঢালিলে এচিড