ETV Bharat / state

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা:নিহত এজন

author img

By

Published : Dec 8, 2020, 6:54 PM IST

মঙলবাৰে দুপৰীয়া নগাঁও চহৰৰ লাওখোৱা ৰোডত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অবৈধভাৱে পথৰ ওপৰতে পাৰ্কিং কৰা ট্ৰাকত খুন্দিয়াই প্ৰাণ হেৰুৱালে এজন লোকে ৷

road-accident-at-nagaon-death-one
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা:নিহত এজন

নগাঁও, 8 ডিচেম্বৰ: নগাঁও চহৰৰ লাওখোৱা ৰোডত মঙলবাৰে দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰতে অবৈধভাৱে পাৰ্কিং কৰা ট্ৰাকত খুন্দিয়াই প্ৰাণ হেৰুৱালে এজন লোকে ৷ তেলিয়াপট্টিৰ মিঠু পাল নিহত হোৱাৰ লগতে বাপ্পী ঘোষ নামৰ লোকজন গুৰুতৰভাৱে আহত হোৱাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় ৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা:নিহত এজন

ৰাজনৈতিক ক্ষমতাৰে বলিয়ান নগাঁৱৰ হয়বৰগাঁৱৰ ব্যৱসায়ী কাৰ্তিক সাহাই পথৰ ওপৰতে অবৈধভাৱে কৰা ট্ৰাক পাৰ্কিঙৰ ফলতে এই পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷ অবৈধ পাৰ্কিং সন্দৰ্ভত স্থানীয় লোকে বহুবাৰ প্ৰশাসনক অভিযোগ দিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে পথৰ ওপৰত অবৈধভাৱে পাৰ্কিং কৰা ব্যৱসায়ীগৰাকীৰ তিনিখনকৈ ট্ৰাক জব্দ কৰে যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক: মহানগৰীৰ পাথৰকুৱাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.