ETV Bharat / state

কলিয়াবৰৰ দিজু নদীৰ দলঙত ধাৰাবাহিক পথ দুৰ্ঘটনা - দলঙৰ ৰেলিঙ ভাঙি নদীত পৰিল টাটা মেজিক

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত দিজু নদীৰ দলঙখন নিৰ্মাণৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ ৰাষ্ট্ৰীয় পথ নিৰ্মান কৰ্তৃপক্ষই অসম চৰকাৰৰ গড়কাপ্তানী বিভাগলৈ দোষ ঠেলি দায়িত্ব সৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

দলঙৰ ৰেলিঙ ভাঙি নদীত পৰিল টাটা মেজিক
author img

By

Published : Nov 17, 2019, 3:45 AM IST

কলিয়াবৰ , 16 নৱেম্বৰঃ কলিয়াবৰৰ আমনিৰ দিজু নদীৰ দলঙত পুনৰ সংঘটিত হ'ল পথ দুৰ্ঘটনা ৷ শনিবাৰে সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত দলঙৰ ৰেলিং ভাঙি দিজু নদীত পৰিল টাটা মেজিক ৷ স্থানীয় ৰাইজৰ তৎপৰতাত চালকজনক উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল টাটা মেজিক
উল্লেখযোগ্য যে , কেইমাহমান আগতে কলিয়াবৰৰ আমনিৰ দিজু নদীৰ দলঙৰ ৰেলিং ভাঙি এখন অইল টেংকাৰ দিজু নদীত পৰিছিল ৷ দলং খনৰ ওপৰত থকা প্ৰকাণ্ড গাঁতবোৰৰ বাবে উক্ত দলংখনত বহুকেইটা সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত উজনি আৰু নামনি অসমৰ সংযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰা দলঙখন বহু দিন ধৰি মেৰামতি নোহোৱাৰ বাবে ক্ৰমাৎ দুৰ্বল হৈ পৰিছে ৷ ৰাইজৰ অভিযোগ , দলং খনৰ নিৰ্মাণৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰিছে ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ গড়কাপ্তানী বিভাগে ৷ অঞ্চলটোত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ বাবে ৰাষ্ট্ৰীয় পথ নিৰ্মান কৰ্তৃপক্ষই অসম চৰকাৰৰ গড়কাপ্তানী বিভাগলৈ দোষ ঠেলি দায়িত্ব সৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়কঃ শ্ৰীলংকা নিৰ্বাচনঃ 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী !

Intro:কলিয়াবৰৰ আমনিৰ দিজু নদী দলঙত পুনৰ পথ দুৰ্ঘটনা

দলঙৰ ৰেলিং ভাঙি দিজু নদীত পৰিল টাটা মেজিক

৩৭ নং ৰাষ্ট্ৰীয় পথৰ দলংখনত দীৰ্ঘ দিন ধৰি মেৰামতি নোহোৱাত সঘনাই হয় দুৰ্ঘটনা

তথাপিও কাণসাৰ নাই ৰাষ্ট্ৰী পথ নিৰ্মান কৰ্তৃপক্ষৰBody:এইবাৰ দুৰ্ঘটনা দলঙৰ ৰেলিং ভাঙি দিজু নদীত পৰিল টাটা মেজিক।
কেইমাহমান আগতে কলিয়াবৰৰ আমনিৰ দিজু নদীৰ দলঙৰ ৰেলিং ভাঙি
এখন অইল টেংকাৰ দিজু নদীত পৰাৰ ঘটনা মাৰ নাযাওঁতেই শনিবাৰে পুনৰ দিজু নদীৰ দলঙৰ ৰেলিং ভাঙি নদীত পৰিল এখন টাটা মেজিক। শনিবাৰে সংঘটিত হোৱা দুৰ্ঘটনাটোত স্থানীয় ৰাইজৰ তৎপৰতাত চালকজনক উদ্ধাৰ কৰি অতি সংকটজনক অবস্থাত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

উল্লেখ‍্য যে, দুৰ্ঘটনা সংঘটিত দলংখনৰ ওপৰত হোৱা প্ৰকাণ্ড দ-গাঁতবোৰ আৰু ভাগি যাবৱা ৰেলিং ৰাষ্ট্ৰীয় পথ নিৰ্মান কৰ্তৃপক্ষই মেৰামতি নকৰাত প্ৰায়ে উক্ত দলংখনত ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈ অহা দেখা পোৱা গৈছে। তাৰোপৰি বহুবছৰ পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত এই দলংখনে উজনি নামনিৰ সংযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰি আহিছে। কিন্তু বহু বছৰ পুৰণি এই দলংখনৰ মেৰামতি নোহোৱাত ক্ৰমাৎ দুৰ্বল হৈ পৰা এই দলংখনে এতিয়া সাধাৰণ ৰাইজৰ যাতায়তত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

আনহাতে চকু মুদা কুলিৰ ভাও ধৰি থকা ৰাষ্ট্ৰীয় পথ নিৰ্মান কৰ্তৃপক্ষই এনে দুৰ্ঘটনাৰ বাবে অসম চৰকাৰৰ গড়কাপ্তানী বিভাগলৈ দোষ ঠেলি দায়িত্ব সাৰে। এনেবোৰ কৰ্ম-কাণ্ঠৰ বাবে ৰাইজো বিপাঙত পৰে, আচলতে পথ মেৰামতিৰ বাবে আবেদন জনাব কাক?Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.