বটদ্ৰৱা, 27 অক্টোবৰ: দেওবাৰে পৱিত্ৰ দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইদঙীয়াত নিশা সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰবেগী য়ামাহা এফ জেদ মটৰ চাইকেলৰ খুন্দাত গুৰুত্বৰভাবে আহত হয় কাজু বৰা নামৰ এজন যুৱক ৷ ঘটনা অনুসৰি কাজু বৰা নামৰ যুৱকজন দীপাৱলী উপলক্ষে ৰাইডঙীয়া কৰচুঙৰ নিজ বাসগৃহৰ পৰা বন্ধুৰ সৈতে চকলাঘাটলৈ গৈ থকা অৱস্থাতে এখন নথিপত্ৰ বিহীন তীব্ৰবেগী মটৰচাইকেলে প্ৰচণ্ড খুন্দা মাৰে ৷ যাৰ ফলত গুৰুত্বৰভাৱে আহত হয় যুৱকজন ৷ ঘটনাৰ পাছতে দুৰ্ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেল খন জব্দ কৰে যদিও মটৰচাইকেল আৰোহীজন পলাই যাবলৈ সক্ষম হয় ৷ পাছত আৰক্ষীয়ে সংকটজনক অৱস্থাত গুৰুত্বৰভাৱে আহত কাজু বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ ইফালে ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজক আৰক্ষীৰ এজন কনিষ্টবলে দুব্যৱহাৰ কৰাক কেন্দ্ৰ কৰি এক উত্তেজনামূলক পৰিস্থিতিৰো সৃষ্টি হয় যদিও কিছু সময়ৰ পাছতে সেই পৰিস্থিতিৰ সাম কাটে ৷
বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা - তীব্ৰ বেগী য়ামাহা এফ জেদৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত এজন যুৱক
তীব্ৰ বেগী য়ামাহা এফ জেদৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত এজন যুৱক ৷