নগাঁও,11 নৱেম্বৰঃ আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭৯ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত গঠিত ৰাইজৰ দলে নগাঁৱৰ ৰূপহীহাটত আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। মঙলবাৰে ৰূপহীহাট সমষ্টিৰ জুৰীয়াত ৰাইজৰ দলৰ সমষ্টি সমিতি গঠন কৰা উদ্দেশ্য অনুষ্ঠিত হয় এখন প্ৰতিনিধি সভা । জুৰীয়াৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সভাত ৰূপহীহাট সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক ৰাইজৰ উপস্থিতিত 'ৰাইজৰ দলৰ' ৰাজ্যিক আহ্বায়কৰ উপস্থিতিত গঠিত হয় ৩৯ জনীয়া আহ্বায়ক সমিতি।
সভাত শতাধিক লোকে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। কা আন্দোলনত শ্বহীদ হোৱা শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্বনাই আনুষ্ঠানিক ভাৱে যোগদান কাৰ্যসূচীৰ পাছততেই গঠিত হয় আহ্বায়ক সমিতি। ৰূপহীহাট সমষ্টিৰ ৰাইজৰ দলৰ সম্ভাব্য প্ৰাৰ্থীসকলৰ লগতে সভাখনত উপস্থিত আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিসমিতিৰ সভাপতি ৰাজু বৰা,লাচিত সেনাৰ নেতা নৱজিত বৰা আৰু প্ৰকাশ বৰুৱা। ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদ আহ্বায়ক নজৰুল ইছলাম,ছফিকুল ইছলামৰ লগত দলটোৰ কেবাজনো নেতা উপস্থিত থাকে প্ৰতিনিধি সভাত। ৰাইজৰ দলৰ নেতৃত্বই বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি ৰাইজৰ দলে ৰাইজৰ হৈ কাম কৰি যাব বুলি উপস্থিত ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে।
উল্লেখযোগ্য যে ৰাজনৈতিক মহলত বিশেষ কোনো পৰিচয় নথকা এজন লোকক ৰাইজৰ দলৰ সমষ্টি সমিতিৰ সভাপতিৰ দায়িত্ব দিয়াক লৈ সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ শক্তিশালী দুৰ্গ ৰূপহীহাটত ৰাইজৰ দলে এগৰাকী অপৰিচিত ব্যক্তিক সভাপতি হিচাপে মনোনীত কৰাটো ৰহস্যজনক বুলিও চৰ্চা চলিছে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত।
লগতে চাওকঃ