কলিয়াবৰ, 17 জুলাইঃ প্ৰলয়ংকাৰী বানৰ ফলত ৰাজপথলৈ ওলাই আহিছে এটা প্ৰকাণ্ড গঁড় ৷ শুকুৰবাৰে কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত এটা গঁড়ৰ অৱস্থান। লগে লগে স্তব্ধ হৈ পৰে দুই পাৰৰ যান-বাহন ।
বনৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ গঁড়টোক বনলৈ উভতাই পঠিওৱাৰ চেষ্টা চলাই যদিও পথ এৰি নিদিয়ে গঁড়টোৱে।
ফলত দুঘন্টা ধৰি পথটোৰ দুইপাৰে ৰৈ পৰে যান-বাহনসমূহ ৷
অৱশ্যে গঁড়টোৱে কাৰো ক্ষতি নকৰাকৈ প্ৰায় দুঘণ্টা মানৰ অন্তত কাজিৰঙাৰ হাবিৰ ফালে ধীৰ খোজেৰে গতি কৰে। বানত বিধস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড়টো ওলাই আহিছিল বুলি অৱগত কৰে বন বিভাগে ৷
লগতে পঢ়কঃ শোকাকুল পৰিৱেশৰ মাজেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন ঋষভ দত্তৰ