ETV Bharat / state

কলিয়াবৰৰ মন্দিৰত গড়ৰ আশ্ৰয় - গঁড়

কলিয়াবৰত গড়ৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গড়টো ওলাই অহাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

rhino-at-kaliabor-etv-bharat-assam
কলিয়াবৰৰ মন্দিৰত গড়ৰ আশ্ৰয়
author img

By

Published : Jan 16, 2021, 9:38 AM IST

Updated : Jan 16, 2021, 12:59 PM IST

নগাঁও,16জানুৱাৰী: কলিয়াবৰৰ জমখলাত গঁড়ৰ মুক্ত বিচৰণ ৷ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গড়ে এতিয়া আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ কলিয়াবৰৰ জমখলা অঞ্চলত ৷ বৰ্তমান জমখলাৰ বিষ্ণু মন্দিৰৰ কাষত আশ্ৰয় লৈ আছে গঁড়টো ।

কলিয়াবৰৰ মন্দিৰত গড়ৰ আশ্ৰয়
কলিয়াবৰৰ মন্দিৰত গড়ৰ আশ্ৰয়

প্ৰাপ্ত তথ্য অনুসৰি, পুৱা প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ সময়ত স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰিছিল গঁড়টো । ইয়াৰ পাচতে স্থানীয় লোকে খবৰ দিয়ে বনবিভাগক ৷ বনবিভাগে উক্ত স্থানত উপস্থিত হৈ গড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পঠোৱাৰ চেষ্টা চলাই আছে ৷

কলিয়াবৰৰ মন্দিৰত গড়ৰ আশ্ৰয়

ইফালে, গড়ৰ মুক্ত বিচৰণক লৈ এতিয়া আতংকিত হৈ পৰিছে কলিয়াবৰবাসী ৰাইজ ৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, কলিয়াবৰত দীৰ্ঘদিন ধৰি গড়ে সন্ত্ৰাস চলাই আহিছে ৷ এই ক্ষেত্ৰত বন বিভাগক অৱগত কৰা হৈছে যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হয় ৷

অন্য এক খবৰৰ বাবে: জন্মু-কাশ্মীৰৰ বৰফাবৃত অঞ্চলত হেলিকপ্টাৰযোগে ক'ভিড ভেকচিন যোগানৰ ব্যৱস্থা

Last Updated : Jan 16, 2021, 12:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.