ETV Bharat / state

পুনৰ খুলিল শিক্ষানুষ্ঠানৰ দুৱাৰ : উৎফুল্লিত শিক্ষক-শিক্ষাৰ্থী

author img

By

Published : Sep 20, 2021, 11:59 AM IST

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান ৷ ক'ভিড বিধি মানি পাঠদানৰ বাবে সাজু হৈছে কলিয়াবৰৰ শিক্ষানুষ্ঠানসমূহ ৷

reopening school at Kaliabor
সোমবাৰৰ পৰা আৰম্ভ হ’ল দশম শ্ৰেণীৰ পাঠদান

কলিয়াবৰ, 19 ছেপ্তেম্বৰ : দীৰ্ঘদিনৰ পিছত খুলিছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । কিয়নো সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া । ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে কলিয়াবৰৰ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰে বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান ৷

পুনৰ খুলিল শিক্ষানুষ্ঠানৰ দুৱাৰ

সম্পূৰ্ণ ক’ভিড বিধি মানি শিক্ষানুষ্ঠানত ইতিমধ্যে আৰম্ভ কৰা হৈছে পাঠদান । দীৰ্ঘদিনে অতিমাৰী ক’ভিড-১৯ ৰ সংক্ৰমণৰ বাবে বন্ধ হৈ আছিল সকলো প্ৰকাৰৰ শিক্ষানুষ্ঠানসমূহ ৷ একপ্ৰকাৰ স্থবিৰ হৈ গৈছিল ৰাজ্যৰ শিক্ষা ব্যৱস্থা । যাৰ বাবে অনলাইনৰ মাধ্যমৰে শিক্ষাদান কাৰ্য চলিছিল ৷ কিন্তু বহুক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল শিক্ষাৰ্থীসকল ।

শেহতীয়াকৈ ৰাজ্যত ক’ভিড সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পাইছে ৷ সেয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আজিৰে পৰা পুনৰ দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে । এটা কোঠাত ৩০ জনকৈ ছাত্ৰ-ছাত্ৰী আৰু এখন বেঞ্চত ২ জনকৈ বহিবলৈ দি পুনৰ আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান ৷

লগতে পঢ়ক: দীৰ্ঘদিনৰ মূৰত বিদ্যালয় খোলাত উৎফুল্লিত জ্যোতি বিদ্যাপীঠৰ শিক্ষাৰ্থীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.