বটদ্ৰৱা,18 ফেব্ৰুৱাৰীঃ পোহৰলৈ আহিছে বিগত ৩০ বছৰে পৰিত্যক্ত হৈ পৰি ৰোৱা এটা চেক ক্ৰাফট কাগজ প্ৰকল্পৰ কাহিনী ৷ অপমৃত্যু ঘটা এই কাগজ প্ৰকল্পটো সম্প্ৰতি অসম চৰকাৰৰ সদিচ্ছাৰ বাবে পুনৰ প্ৰাণ পাই উঠিছে। অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমে মৃত কাগজ প্ৰকল্পটো উজ্জীৱিত কৰি তুলিবলৈ কাৰ্যপন্থা হাতত লৈছে ৷ যিয়ে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে একাংশ নিবনুৱা যুৱক-যুৱতীলৈ।
ধিঙত অৱস্থিত কাগজ প্ৰকল্পটো এতিয়া পৰিণত হ’ব ঔদ্যোগিক পামলৈ। সেই উদ্দেশ্যে প্ৰকল্পটোৰ নামত শাসনাধীষ্ঠ বিজেপি চৰকাৰে মোকোলাই দিছে কেইবাকোটি টকা। প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি থকা দেখিবলৈ পোৱা গৈছে ৷ এই খবৰত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ধিঙবাসীক ৷ জানিব পৰা মতে,এই প্ৰকল্পস্থলীতে নিৰ্মাণ হ’ব বহুকেইটা চৰকাৰী-বেচৰকাৰী ক্ষুদ্ৰ উদ্যোগ। চৰকাৰৰ এই পদক্ষেপৰ বাবে ধিং আঞ্চলিক ছাত্ৰ সন্থায়ো চৰকাৰক জনাইছে অশেষ ধন্যবাদ। উল্লেখ্য যে, ১৯৮৭ চনত তদানীন্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ধিং চেক ক্ৰাফট কাগজ প্ৰকল্পৰ ৷ সেই সময়ত ৬০০ বিঘা ভূমি জুৰি থকা প্ৰকল্পটোৰ ৯০ শতাংশ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত ৰাজনৈতিক মেৰপেছৰ বাবে এই প্ৰকল্পটোৰ অপমৃত্যু হয়। কিন্তু বৰ্তমান চৰকাৰে ধিং চহৰখন উদ্যোগ নগৰীলৈ পৰ্যবসিত কৰিব বিচৰাত ধিঙত বৈছে আনন্দৰ বন্যা।
লগতে চাওকঃআগন্তক বিধানসভা নিৰ্বাচনত ছ’চিয়েল মিডিয়াত গুৰুত্ব দিব অগপই