ETV Bharat / state

Journalist Tilak Hazarika’s Death Anniversary: সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাৰ মৃত্যুৰ দিনটোত ৰসাস্বাদন কৰো আহক তেওঁৰেই এটি লেখাৰ - মহীৰূহ তিলক হাজৰিকাৰ অষ্টম মৃত‍্যু বাৰ্ষিকী

2016 বৰ্ষৰ 22 অক্টোবৰৰ দিনা ইহলীলা সম্বৰণ কৰা অসমৰ সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাৰ আজি অষ্টম মৃত‍্যু বাৰ্ষিকী ৷ লেখক, সাংবাদিকগৰাকীৰ মৃত্যু তিথিৰ দিনা তেওঁৰেই এটি লেখনিৰে তেওঁলৈ শ্ৰদ্ধা যাচো আহকচোন ৷

Journalist Tilak Hazarika’s Death Anniversary
সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 10:19 AM IST

Updated : Oct 22, 2023, 11:35 AM IST

কলিয়াবৰ, 22 অক্টোবৰ: আজি অসমৰ সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাৰ অষ্টম মৃত‍্যু বাৰ্ষিকী ৷ 1921 চনৰ 3 অক্টোবৰৰ দিনা কলিয়াবৰৰ সোণাৰি গাঁৱত জন্মলাভ কৰা তিলক হাজৰিকা পৰৱৰ্তী সময়ত জড়িত হৈ পৰে সাংবাদিকতা আৰু সাহিত্যৰ ক্ষেত্ৰখনৰ সৈতে ৷

সংবাদ সেৱাৰ সৈতে 60 বছৰৰো অধিক কাল একনিষ্ঠতা আৰু উৎসৰ্গীকতাৰে জড়িত হৈ থকা অসমৰ সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাৰ 2016 বৰ্ষৰ 22 অক্টোবৰৰ দিনা পৰলোকপ্ৰাপ্তি ঘটে । তেখেতৰ মৃত্যুৱে অসমৰ সংবাদ জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে । হাজৰিকাৰ 'মোৰ লʼৰালি' শীৰ্ষক এক লেখাৰে স্মৰণ কৰা হ’ল বিশিষ্ট লেখক, সাংবাদিকজনক ।

মোৰ লʼৰালি – তিলক চন্দ্ৰ হাজৰিকা

কৈছে, লʼৰালিৰ বিষয়ে মনত পেলাবলৈ । তাকে কৰিবলৈ লʼলেচোন কমেও পঁচাশীটা বছৰ পিছলৈ উভতি লৰ মাৰিব লাগিব। আৰু কি লৰ ! পুৱা গাঁৱৰ পৰা পোনতে শিলঘাটৰ মাইনৰ স্কুললৈ আৰু তাতে কিতাপ-বহীৰ বোজাটো থৈ পোনচাটেই ‘দুইমুনি শিল’ দুটাৰ ওপৰত উঠিবলৈ তৰানৰা ছিগা লৰ । শিল দুটাৰ মুধত প্রথমে গৈ বগোৱাৰ কি যে আনন্দ ! স্কুলখনৰ পৰা অকণমান গৈয়েই পোৱা কিংবদন্তীৰ সেই শিল দুটা । একোটা বৰ ডাঙৰ ঘৰৰ সমান ওখ আৰু গাত গা লগাই থকা প্ৰকাণ্ড দুটা শিল আৰু তলত পৰি থকা বহুতো চাপৰ শিলৰ সেই থুলটো বোলে কোনোবা কালত ঋষি-মুনিৰ শিক্ষাশ্রম আছিল ।

আমি বাপ্পেকে মনৰ উলাহতে গৈ সেই হেডমাষ্টৰ আৰু ছেকেণ্ড মাষ্টৰ বোলা ডাঙৰ শিল দুটাৰ ওপৰত বহিছিলোগৈ আৰু তলত থকা ছাতৰ শিলবোৰক উপলুঙা কৰিছিলো । বোধকৰোঁ সেইবিয়াগোম শিল দুটা এতিয়া আৰু তেনেকৈ চকু জুৰোৱা হৈ থকাগৈ নাই । ব্ৰহ্মপুত্ৰ কাল হʼল । নৈখনো চাগৈ আমাৰ সেই স্কুললৈকে চাপি আহিল আৰু শিল দুটাও পোত যোৱা যেন হʼল ।

সেই ইংৰাজী মাইনৰ স্কুলখনেই সেইসময়ত গোটেই অঞ্চলটোৰ একমাত্র উচ্চশিক্ষাৰ স্থল আছিল । কলিয়াবৰৰ আন এটা বৃহৎ অঞ্চলৰ তদ্রুপ উচ্চ শিক্ষাৰ একমাত্র এম ই আৰু এম ভি স্কুল আছিল কুঁৱৰীটোলত । আমাৰ যৌৱন গঢ়িছিল আৰু ততোধিক উচ্চ শিক্ষাৰ আৱশ্যকতাও বাঢ়িছিল । এই দুয়োখন ঠাইৰ কোনখনতহে এখন হাইস্কুল হʼব লাগে, তাৰ খোৱা-কামোৰা কম নাছিল আৰু তাৰ বায়ুৱে আমাৰ লʼৰালিকো বাৰুকৈ চুইছিল । মানুহৰ শৰীৰৰ দুটা হাওঁফাওঁৰ তেজ চলাচলতহে জীৱন আৰু পুষ্টি নিৰ্ভৰ কৰে ৷ সেই আপ্তবাক্যটো জানিও কিয় বাৰু কলিয়াবৰৰ দুখন হাওঁফাওঁ সদৃশ ঠাই শিলঘাট আৰু কুঁৱৰীটোলৰ কাজিয়াক লৈ আমাৰ লʼৰালিকে দূষিত কৰিলো, ভাবিলে দুখ লাগে ।

আমাৰ লʼৰালিত শিলঘাট আছিল এখন টাউন, নগৰকেন্দ্ৰিক ঠাই । ৰেল সংযোগ, জাহাজঘাট, আনকি উজনিৰ পৰাও শিলঘাটেদিহে পাৰাপাৰ হোৱা আৰু এনে সামগ্রিকতাৰে অপেক্ষাকৃত আধুনিক ব্যৱস্থাৰ ভেটি এটা থকাৰ বাবেই এখন হাইস্কুল হোৱাটোত অগ্রাধিকাৰ আৰু স্বাভাৱিকতা আছিল । সেই হাইস্কুলৰ পাতনিত আমাৰ লʼৰালি যেনেকৈ পৰি আছে, তেনেকৈ তাৰ বেৰ-ছাল, বোকা-মাটি, সুদিন-দুদিন আদিতো লিপ্ত হৈ আছে । স্কুলৰ বাবে আমি পিঠিত বস্তা লৈ ধানৰ বৰঙণিও বিচাৰিছিলো ।

ব্ৰহ্মপুত্ৰ আৰু তাৰ নিষ্ঠুৰতাই যেনেকৈ এদিন দুইমুনি শিল দুটাক পুতি পেলালেহি, তেনেকৈয়ে ব্ৰহ্মপুত্ৰক নিৰ্ভৰ কৰি গঢ়ি উঠিব খোজা নগৰকেন্দ্ৰিক আধুনিকতাও এদিন পোত যোৱাৰ দৰে হʼল । যাৰ ফলশ্রুতিত কলিয়াবৰৰ আনটো হাওঁফাওঁ কুঁৱৰীটোললৈ স্বাভাৱিক সক্রিয়তা গুচি আহিল । ব্ৰহ্মপুত্ৰক 37 নম্বৰ ৰাষ্ট্ৰীয় পথে একাষৰীয়া কৰি থʼলে । এতিয়া কুঁৱৰীটোলেই কলিয়াবৰৰ ধমনী । মোৰ লʼৰালিৰ একোছোৱা এই দুয়োটি হাওঁফাওঁৰ সৈতে জড়িত । এক ঐতিহ্যৰ ভেটিত শিলঘাট আগবাঢ়ি আহিছিল আধুনিকতালৈ আৰু তেনে এক আধুনিকতাৰ খোজেৰে কুঁৱৰীটোল আগবাঢ়ি আছে ঐতিহ্যলৈ । শিলঘাট এতিয়াও সুন্দৰ। ব্ৰহ্মপুত্ৰই চুই থকা যি কোনো এখন ঠাইৰ সৌন্দৰ্যৰ দৰেই । শিলঘাটৰ পাহাৰ টিলাটোৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰ সূর্যাস্তৰ দৃশ্যৰ তুলনা নাই । এতিয়া সম্ভৱ কলিয়াভোমোৰা দলংখনে কিছু স্নান কৰিছে ।

আমাৰ লʼৰালিৰ স্মৃতিভাৰবোৰত কলিয়াবৰৰ বাঘভেটা, উজানৰ মাছভেটা আৰু এসময়ত বৰদেউতাৰ লগত গৈ জালেৰে পহু ভেটা দিয়াৰ দৰে কতনা ৰোমাঞ্চকৰ কথা ভৰি আছে ! মাঘবিহুৰ উৰুকাৰ দিনা বিললৈ গৈ বহুবোৰ গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰা চাবলৈও গৈছিলো। খলিহামাৰীৰ দৰে সেই বিলবোৰ আজি আৰু নাই । দেখিছিলো হাজাৰ হাজাৰ মানুহে, যাৰ ভিতৰত জনজাতিৰ তিৰোতাসকলো আছিল, যিয়ে যেনেকৈ পাৰে মাছ ধৰে । সকলোৱেই মাছ নাপাইছিল; তেনেবোৰক সৰহকৈ মাছ পোৱাবোৰে নিজৰ পৰা কিছুমান দি থৈ আহিছিল ।

উজানৰ মাছ ভেটা দিয়াটো এটা ভয়ানক উত্তেজনা আৰু সাহসৰ কাম । শ শ নে তাৰো বেছি বৰ বৰ বৰালী মাছৰ জাক সশব্দে ভৰা নৈৰ পৰা তৰাং সুঁতিলৈ উজাই আহে কণী পাৰিবলৈ । শ শ মানুহে বাহৰ বান বান্ধি আগচি ৰখাটো আৰু যাঠি-জোং লৈ আৱদ্ধ কৰাটো আছিল এক প্রকাৰৰ যুদ্ধক্ষেত্ৰৰ দৰেই । সেই কামটো সদায় কৰিব লাগিছিল নিশাহে । কাৰণ মাছৰো সদলবলে ৰাওনা হোৱাৰ সময়ো সেয়ে । এনে একোটা জাকক আগচি ধৰি জব্দ কৰাৰ কামটো আছিল প্রায় বাংলাদেশত পাকিস্তানী সেনাবাহিনীটোক বন্দী কৰাৰ দৰেই ।

এই ভয়ানক আৰু উত্তেজনাপূর্ণ চিকাৰ প্ৰত্যক্ষ কৰিবলৈ দেউতাহঁত গৈছিল, লগতে কেতিয়াবা আমিও । নিশা পেট্রোমাক্স লাইট জ্বলাই থোৱা আছিল । এতিয়া বোধহয় এই আটাইবোৰ দুঃসাহসী ৰাজহুৱা উদ্যম নাই । মনত আছে, একেদিনাৰ উজানৰ তেনে শ শ বৰালী মাছ গৰুৰ গাড়ীতহে তুলি গাঁৱলৈ অনা হৈছিল । আৰু একোটা বৰালী মাছৰ গোট একোটা থুলন্তৰ মানুহৰ সমান শকত আৰু ফিছাও গাড়ীৰ পৰা মাটিত চুচৰি যোৱা ধৰণৰ আছিল । মাছবোৰৰ সৰহভাগ মঙহ পেলনি গৈছিল । কেৱল মাছৰ কণীহে চৰিয়াই চৰিয়াই ঘৰে ঘৰে নিছিল। ভাবিলে কথাটো আজিৰ বিচাৰত এটা আসুৰিক ক্রীড়াৰ কাম আছিল। কিন্তু আমাৰ লʼৰালি তাহানিৰ এনেবোৰ সামাজিক বৈচিত্ৰ্যতেই বিলীন হৈ আছে ।

ৰচনা কাল 2015 (সংগ্ৰহ)

লগতে পঢ়ক: Protest Rally in Manikpur: মহা সপ্তমীৰ দিনা মাণিকপুৰত প্ৰতিবাদী পদযাত্ৰা

Last Updated : Oct 22, 2023, 11:35 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.