ETV Bharat / state

Sankardev Than at Palghat: পুৰণিগুদামৰ পাৰঘাটস্থিত শ্ৰীমন্ত শংকৰদেৱ থানৰ পুনৰ নিৰ্মাণ

পুৰণিগুদামৰ পাৰঘাটত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ থানখন পুনৰ নিৰ্মাণ কৰিছে অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে(Sankardev Thana at Palghat) ৷ ২০২৩ বৰ্ষত অনুষ্ঠিত হ'ব থানখনৰ মহাৰজত জয়ন্তী । থানখনৰ মহাৰজত জয়ন্তী উপলক্ষ্যে ভক্তপ্ৰাণ ৰাইজে আৰম্ভ কৰিছে পুনঃনিৰ্মাণ প্ৰক্ৰিয়া ।

author img

By

Published : Nov 9, 2022, 2:21 PM IST

Updated : Nov 9, 2022, 2:33 PM IST

Sankardev Thana at Palghat
পুৰণিগুদামৰ পাৰঘাটস্থিত শ্ৰীমন্ত শংকৰদেৱ থানৰ পুনৰ নিৰ্মাণ

নগাঁও, ৯ নৱেম্বৰ: পুৰণিগুদামৰ পাৰঘাটত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ থানখন পুনৰ নিৰ্মাণ কৰিছে অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে(Sankardev Than at Palghat) ৷ উল্লেখ্য যে, পুৰণিগুদামৰ পাৰঘাটৰ বাৰখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ ১৯৪৯ চনত স্থাপন কৰিছিল এই থানখন ৷ তেতিয়াৰে পৰা সুদীৰ্ঘ সাত দশক ধৰি গাঁওকেইখনৰ ৰাইজে গুৰুজনাৰ আবিৰ্ভাব তথা তিৰোভাব তিথিৰ লগতে শংকৰী কলা-সংস্কৃতিক বিশেষভাৱে চৰ্চা কৰি আহিছে ৷ ২০২৩ বৰ্ষত অনুষ্ঠিত হ'ব থানখনৰ মহাৰজত জয়ন্তী ।

থানখনৰ মহাৰজত জয়ন্তী উপলক্ষ্যে এতিয়াৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰৱল উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে ৷ মহাৰজক জয়ন্তী আয়োজনৰ সমান্তৰালভাৱে থানখনৰ নামঘৰ ভাগ পূৰ্বৰ তুলনাত ওখকৈ নিৰ্মাণ কৰাৰ মানসেৰে ইচ্ছুক ভকত-বৈষ্ণৱ তথা স্থানীয় গণ্যমান্য লোকসকল পূৰ্ণ-সহযোগত আৰম্ভ কৰিছে পুনঃনিৰ্মাণ প্ৰক্ৰিয়া(Reconstruction of Srimanta Sankardev Thana) ।

প্ৰায় ত্ৰিশ লাখ টকা ব্যয় সাপেক্ষে এবছৰৰ ভিতৰত এই পুনৰ নিৰ্মাণক কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভক্তপ্ৰাণ ৰাইজে ৷ ২০২৩ বৰ্ষত উদযাপন কৰিবলগীয়া মহাৰজত জয়ন্তীতে নামঘৰটো উদ্ঘাটন কৰাৰ সিদ্ধান্ত লৈছে ৷ ইফালে জিলাখনৰ ভিতৰতে অন্যতম এই মহান অনুষ্ঠানটো নিৰ্মাণৰ ক্ষেত্ৰত ইচ্ছুক ভকত-বৈষ্ণৱ তথা ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে থান পুনঃনিৰ্মাণ কমিটিয়ে ।

লগতে পঢ়ক : Artist Tarawati Mili Bori: বিশিষ্ট শিল্পী তৰাৱতী মিলি বড়িক সম্বৰ্ধনা সাংবাদিকৰ

Last Updated : Nov 9, 2022, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.