ETV Bharat / state

আৰক্ষীৰ গুলীত জয়নালৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া - নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

ধিঙৰ শালকাটিত দেওবাৰে পুৱতি নিশা আৰক্ষীৰ গুলীত নিহত হয় জয়নাল আবেদিনৰ । নিহত জয়নাল আবেদিন বিভিন্ন অপৰাধৰ লগতে অস্ত্ৰ সৰবৰাহৰ লগতো জড়িত আছিল বুলি নগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে ।

আৰক্ষীৰ গুলীত নিহত জয়নাল অপৰাধমূলক কামত জড়িত থকাৰ কথা অস্বীকাৰ স্থানীয় লোকৰ

author img

By

Published : Jul 12, 2021, 1:40 PM IST

নগাঁও, 12 জুলাই : নগাঁৱৰ ধিঙৰ শালকাটিৰ জয়নাল আবেদিন নামৰ এজন অভিযুক্তৰ দেওবাৰে পুৱতি নিশা আৰক্ষী (Nagaon Police)ৰ গুলীত মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোৰ স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । দেওবাৰে বিয়লি জয়নালৰ মৃতদেহ চমজি লোৱাত প্ৰথমে অস্বীকাৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকে । আৰক্ষীৰ মতে কুখ্যাত অপৰাধী জয়নাল আবেদিনে আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰাৰ বাবেই আৰক্ষীৰ প্ৰত্যাক্ৰমণত মৃত্যু হয় ।

কিন্তু আৰক্ষীৰ এই ভাষ্য অস্বীকাৰ কৰিছে জয়নালৰ পৰিয়ালৰ লগতে স্থানীয় লোকে ৷ শালকাটিৰ স্থানীয় লোকৰ লগতে গাওঁবুঢ়াই ইয়াৰ বিপৰীতে জয়নাল আবেদিন কোনোদিনে চুৰি, ডকাইতিৰ দৰে অপৰাধত জড়িত নাছিল বুলি দাবী কৰিছে । অৱশ্যে অত্যধিক সুৰাপান কৰি জয়নালে প্ৰায়েই অঞ্চলটোত হূলস্থলীয়া পৰিবেশ কৰিছিল বুলি জানিবলৈ দিয়ে ৷

জয়নাল অপৰাধমূলক কামত জড়িতৰ কথা অস্বীকাৰ স্থানীয় লোকৰ

যাৰ বাবে অঞ্চলটোৰ ৰাইজেই পচন্দ কৰা নাছিল জয়নাল আবেদিনক ৷ আৰক্ষীৰ গুলীত জয়নাল আবেদিনৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে (Dhing MLA Aminul Islam)। নিহত জয়নাল আবেদিন কোনো অপৰাধী নাছিল বুলি দাবী কৰি সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ দাবী উত্থাপন কৰিছে বিধায়ক আমিনুল ইছলামে (Dhing MLA Aminul Islam)।

বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, ধিঙৰ শালকাটিত দেওবাৰে পুৱতি নিশা আৰক্ষীৰ গুলীত নিহত হয় জয়নাল আবেদিনৰ । নিহত জয়নাল আবেদিন বিভিন্ন অপৰাধৰ লগতে অস্ত্ৰ সৰবৰাহৰ লগতো জড়িত আছিল বুলি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Nagaon SP Anand Mishra)ই সংবাদমেলযোগে সদৰী কৰিছিল । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা ৭.৬৫ ৰ এটা পিষ্টলৰ লগতে তিনিজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিছিল ।

লগতে পঢ়ক : নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.