ETV Bharat / state

নগাঁৱৰ পুৰণিগুদামত 'পাৰিজাত হৰণ' নাট প্ৰদৰ্শন - মহামাৰীৰ সংক্ৰমণ

ৰাস পূৰ্ণিমা উপলক্ষে নগাঁৱৰ পুৰণিগুদামৰ বৰপানীগাঁৱত 'পাৰিজাত হৰণ' নাট প্ৰদৰ্শন । শ্ৰীকৃষ্ণ, ৰুক্মিনী, সত্যভামাৰ ৰূপত কণ কণ শিশু, কিশোৰ-কিশোৰী । মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে ৰাস মহোত্সৱ পালনৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ অংকীয়া নাট প্ৰদৰ্শন কৰে বৰপানীগাঁৱৰ ৰংদাইচুকৰ ৰাইজে ।

শ্ৰীকৃষ্ণ, ৰুক্মিনী, সত্যভামাৰ ৰূপত কণ কণ শিশু

author img

By

Published : Dec 2, 2020, 8:23 PM IST

চামগুৰি, ২ ডিচেম্বৰ: শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ বাবে সমগ্ৰ ৰাজ্যৰে ভক্তপ্ৰাণ ৰাইজৰ মাজত অব্যাহত আছে পাৰ ভঙা উৎসাহ-উদ্দীপনা । ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি ৰাজ্যৰ বহু অঞ্চলত শ্ৰীকৃষ্ণৰ মহাৰাস উদযাপন কৰা হৈছে। আনহাতে, আন বহু ঠাইত মহামাৰীৰ ভয়াৱহতাৰ বাবে এইবছৰ অনুষ্টুপীয়াকৈ এখন ভাওনা প্ৰদৰ্শন কৰিয়েই উৎসৱ ভাগ অনুষ্ঠিত কৰাৰ পৰম্পৰা ৰক্ষা কৰিছে ।

নগাঁৱৰ পুৰণিগুদামত 'পাৰিজাত হৰণ' নাট প্ৰদৰ্শন

নগাঁও জিলাৰ পুৰণিগুদামত একাংশ শিশুৰ সহযোগত এইবাৰ ৰাসৰ বিপৰীতে প্ৰদৰ্শন কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট । পুৰণিগুদামৰ বৰপানীগাওঁস্থিত ৰংদাইচুকৰ বৰনামঘত প্ৰদৰ্শন কৰা হ'ল 'পাৰিজাত হৰণ' নাটখন । শ্ৰীকৃষ্ণ, ৰুক্মিনী, সত্যভামা আদি চৰিত্ৰ অভিনয়ৰ জৰিয়তে সুন্দৰকৈ ফুটাই তোলে কণ কণ শিশুৱে । আগতে অভিনয় কৰি নোপোৱা শিশুৱেও নাটখনত অভিনয় কৰে ।

উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোৰ শিশুসকলক বিগত ২-৩ মাহ ধৰি প্ৰশিক্ষণ দি আহিছিল শংকৰী কলা-সংস্কৃতিৰ সাধক অনিত্য ভূঞাই । লকডাউনৰ সময়চোৱাৰ সঠিক ব্যৱহাৰ কৰি অভিনয়ৰ প্ৰশিক্ষণ দিয়া হৈছিল বুলি জানিবলৈ দিয়ে শংকৰী কলা-সংস্কৃতিৰ সাধকগৰাকীয়ে । এই শিশুসকলৰ মাজত আছিল বহু কেইজন কাৰ্বি সম্প্ৰদায়ৰো শিশু । গাওঁখনত প্ৰতি বছৰে পৰম্পৰাগতভাৱে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰি আহিছিল যদিও এই বছৰ কৰ'ণাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাস আয়োজনৰ বিপৰীতে অংকীয়া নাট প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লয় গাওঁখনৰ সচেতন ৰাইজে ।

লগতে পঢ়ক:মাৰ্ঘেৰিটাত বিশিষ্ট সাংবাদিক জগত চাংমাইৰ জন্মদিন উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.