বঢ়মপুৰ, 9 এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণে জনসাধাৰণক শংকিত কৰি তোলাৰ মাজতে ৰাজ্যত ক'ৰণা সংক্ৰমণৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ লগে লগে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিশেষ তৎপৰতাৰে ৰেপিড এন্টিজেন টেষ্ট আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷
শুকুৰবাৰে কামপুৰ চহৰৰ গাতে লাগি থকা কামপুৰ এফ আৰ ইউত চলি থকা ৰেপিড এণ্টিজেন টেষ্টত এগৰাকী মহিলা ক'ভিড-19 ত আক্ৰান্ত বুলি ধৰা পৰে ৷ 28 বৰ্ষীয় আক্ৰান্ত মহিলা গৰাকী উজানমাৰীৰ বুলি জানিব পৰা গৈছে ৷ হাস্পতাল কৰ্তৃপক্ষই বৰ্তমান মহিলা গৰাকীক কামপুৰ এফআৰইউত আচুতীয়াকৈ ৰাখিছে বুলি জানিব পৰা গৈছে ৷