ETV Bharat / state

Assam College Teachers Association: কলেজ শিক্ষক সন্থাৰ অধিৱেশনত ৰাজ্যৰ শিক্ষামন্ত্ৰী - ranoj pegu attend

অসম কলেজ শিক্ষক সংস্থাৰ ৬৬ সংখ্যক বাৰ্ষিক অধিৱেশন(Annual conference of Assam college teachers association)ৰ সোমবাৰে সামৰণি পৰে ৷ নগাঁৱত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বহুকেইটা দিশত মন্তব্য প্ৰকাশ কৰে ৷

Assam College Teachers Association
কলেজ শিক্ষক সন্থাৰ অধিৱেশনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
author img

By

Published : Dec 13, 2021, 9:45 PM IST

নগাঁও, 13 ডিচেম্বৰ: নগাঁৱত অনুষ্ঠিত অসম কলেজ শিক্ষক সংস্থাৰ ৬৬ সংখ্যক বাৰ্ষিক অধিৱেশনখন(Annual conference of Assam college teachers association)ৰ সোমবাৰে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education minister Dr. Ranoj Pegu) । নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ সোমবাৰে সামৰণি অনুষ্ঠানৰ পুৱা ১০ বজাৰপৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয় । সভাত বিভিন্ন মণ্ডলৰ প্ৰতিনিধিসকলে অসমৰ মহাবিদ্যালয়সমূহৰ বিভিন্ন সমস্যাৰাজিৰ পৰ্যালোচনা কৰাৰ উপৰিও প্ৰধানকৈ এন পি এছ ৰ পৰিৱৰ্তে ও পি এছ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে ।

অধিৱেশনৰ সামৰণি অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকি অসমৰ শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে । শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ সমস্যাৰ বুজ লোৱাৰ উপৰিও এই সমস্যাসমূহৰ সমাধানৰ বিষয়ে আলোচনা কৰে ।

ভাষণ প্ৰসংগত মন্ত্ৰীজনে কয়- "অসমৰ শিক্ষা ব্যৱস্থাত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০(National Education Policy 2020)ৰ প্ৰৱৰ্তনৰ এই সময়খিনি এক সন্ধিক্ষণ । ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো শিক্ষাৰ উত্তৰণ ঘটাব লাগে ।" প্ৰসংগক্ৰমে শিক্ষামন্ত্ৰীজনে বিহাৰত বিজ্ঞান বিষয়ত অধ্যয়নৰত শিক্ষার্থীৰ সংখ্যা ৪৩% হোৱাৰ বিপৰীতে অসমত মাত্ৰ ১৪% বুলিহে উল্লেখ কৰে । সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ অতি নিম্নগামী হোৱা বুলি মন্তব্য আগবঢ়াই তেওঁ এই হাৰ বৃদ্ধিৰ বাবে শিক্ষকসকলক অন্তৰদর্শনৰদ্বাৰা শিক্ষাদান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Boxer MC Marykom in Dibrugarh : নাহৰৰ দেশত এম চি মেৰিকম

লগতে মহাবিদ্যালয়সমূহত চেল্ফ এণ্টাৰপ্ৰিনাৰশ্বিপ চেল (Self Entrepreneurship Cell) আৰু কেৰিয়াৰ কাউনচেলিং চেল (Career Counselling Cell) প্ৰৱৰ্তন কৰিবলৈও শিক্ষামন্ত্ৰীয়ে আহ্বান জনায় । মিছন সদ্ভাৱনাৰ জৰিয়তে শিক্ষামন্ত্ৰীজনে মহাবিদ্যালয়ৰ শিক্ষকসকলৰ বিভিন্ন সমস্যা ক্ষিপ্ৰতাৰে সমাধান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ।

কলেজ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো কেন্দ্ৰীয়ভাৱে পৰিচালনা কৰাৰ বাবে চিন্তা কৰাৰ কথাও উল্লেখ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । ২০২৩ শিক্ষাবৰ্ষত মহাবিদ্যালয়সমূহৰপৰা উচ্চতৰ মাধ্যমিক স্তৰটো আঁতৰাই বিদ্যালয়ত সংলগ্ন কৰাৰ কথা উল্লেখ কৰাৰ লগতে পর্যায়ক্ৰমে মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰো পোষকতা কৰে ।

আগন্তুক বৰ্ষৰ এপ্ৰিল মাহৰ পৰা পুনৰ গুণোৎসৱ আৰম্ভ হ'ব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে । বিজেপি চৰকাৰৰ দিনত ১০০০খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা হ'ব বুলি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে ইয়াৰে ২১৩ খন শিক্ষানুষ্ঠানক ইতিমধ্যে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে । এই শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে প্ৰতিখন শিক্ষানুষ্ঠানক ৫০ লাখ টকাকৈ আৰ্থিক অনুদান দিয়া হ'ব বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ।

আনহাতে নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহত দেখা দিয়া অসুবিধাসমূহ চৰকাৰৰ ওচৰত দাখিল কৰিছে বুলি মন্তব্য কৰে অসম কলেজ শিক্ষক সন্থাৰ সম্পাদক হিমাংশু মাৰালে ।

লগতে পঢ়ক: Sonowal at Dibrugarh University: অসমৰ জাতীয় সংগীতৰে সোণোৱালক আদৰিলে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.