বঢ়মপুৰ, 13 জুলাই : সোমবাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে কলা শাখাত প্ৰথম স্থান দখল কৰা শ্ৰদ্ধা বৰগোঁহাইৰ ঘৰত উপস্থিত হয় নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ ছাত্ৰী গৰাকীক এখন ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনাই সাংসদ গৰাকীয়ে ৷ ইফালে বানপৰিস্থিতিৰ বুজ ল'বলৈ সাংসদ গৰাকী উপস্থিত হয় কামপুৰ গাৰুখুন্দা গাঁও পঞ্চায়তত ৷
আনহাতে,বানপানী সন্দৰ্ভত ৰাজ্যৰ মন্ত্ৰী সকলক নিজ নিজ জিলা সমূহৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতো এই পৰ্যন্ত কোনো ধৰণৰ খা-খবৰ নকৰাৰ অভিযোগ সাংসদ গৰাকীৰ ৷ লগতে,অখিল গগৈ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি সাংসদ গৰাকীয়ে কয় যে,অখিল গগৈ অসমৰ সম্পদ,অখিল গগৈক চৰকাৰে কিছুমান ভুৱা গোচৰ ৰুজু কৰি আগন্তুক নিৰ্বাচনলৈকে জেলত ভৰাই থোৱাৰ কৌশল কৰিছে বুলি সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : আৰক্ষীসহ শিৱসাগৰত নতুনকৈ ৮ জন কৰ'ণাত আক্ৰান্ত