ETV Bharat / state

দেশৰ বাঘ সংৰক্ষণৰ প্ৰচেষ্টাক জনমুখী কৰাৰ উদ্দেশ‍্যে বিশেষ ৰেলী

দেশৰ বাঘ সংৰক্ষণৰ গৌৰৱোজ্জ্বল পদক্ষেপক ৰাইজৰ মাজলৈ নিয়াৰ প্ৰচেষ্টাৰে আৰম্ভ হৈছে 'ইণ্ডিয়া ফৰ টাইগাৰ, এ ৰেলী অন হুইল' শীৰ্ষক এক বিশেষ ৰেলী ৷ উত্তৰ-পূৱ ভাৰতৰ মুঠ আঠখন ব‍াঘ্ৰ প্ৰকল্পৰ পৰা আৰম্ভ হোৱা ৰেলী মানহত গৈ সামৰণি পৰিব ৷

rally-for-tiger-conservation-from-kaziranga-national-park
দেশৰ বাঘ সংৰক্ষণৰ প্ৰচেষ্টাক জনমুখী কৰাৰ উদ্দেশ‍্যে বিশেষ ৰেলী
author img

By

Published : Oct 2, 2021, 10:24 PM IST

কলিয়াবৰ,2 অক্টোবৰ: 2020 বৰ্ষত দেশৰ স্বাধীনতাৰ পয়সত্তৰ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশে বছৰ যোৰা 'আজাদী কা অমৃত মহোৎসৱ' নামৰ এক কাৰ্য‍সূচী ৰূপায়ণ কৰা পৰিকল্পনা হাতত লৈছে ৷ সেই কাৰ্য‍সূচীৰ অন্তৰ্গত দেশৰ ৰাষ্ট্ৰীয় ব‍াঘ্ৰ সুৰক্ষা প্ৰাধিকৰণৰ উদ্যোগত শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰাত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয় 'ইণ্ডিয়া ফৰ টাইগাৰ এ ৰেলী অন হুইল' নামৰ এক সজাগতা ৰেলীৰ ৷

স্বাধীনতাৰ পৰৱৰ্তী কালৰ 9 খন বাঘ্ৰ প্ৰকল্পৰ পৰা বৰ্তমানলৈ হৈ উঠা 51 খন বাঘ্ৰ প্ৰকল্পৰ সুৰক্ষাৰ বাবে 'ইণ্ডিয়া ফৰ টাইগাৰ, এ ৰেলী অন হুইল'ৰ এই সজাগতা অভিযান অন্ত পৰিব 1973 চনত স্থাপিত হোৱা মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ প্ৰকল্পত ৷ উত্তৰ-পূৱ ভাৰতৰ মুঠ আঠখন ব‍াঘ্ৰ প্ৰকল্পক সামৰি আৰম্ভ হোৱা এই ৰেলীৰ সামৰণি পৰিব মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৷

দেশৰ বাঘ সংৰক্ষণৰ প্ৰচেষ্টাক জনমুখী কৰাৰ উদ্দেশ‍্যে বিশেষ ৰেলী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ হোৱা ৰেলীত অংশ লোৱা দলটোৱে শনিবাৰে বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত নতুন ডাংগাৰৰ চ'ৰান এহেমত হৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰে ৷ এই যাত্ৰাত মিজোৰামৰ ডাম্পা বাঘ্ৰ প্ৰকল্পৰ পৰা অহা দলটোৰে একেলগ হৈ দেওবাৰে পাবগৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷

উল্লেখযোগ্য যে, দেশত 2018 চনৰ পিয়ল মতে 2,968 টা বাঘ আছে ৷ স্বাধীনতাৰ পাছৰে পৰা দেশে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত লোৱা যুগান্তকাৰী পদক্ষেপক ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই 'ইণ্ডিয়া ফৰ টাইগাৰ, এ ৰেলী অন হুইল' এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী বুলি অৱগত কৰে কাজিৰঙা বন সংমণ্ডল বিষয়া গৰাকীয়ে ৷

লগতে পঢ়কঃ শোণিতপুৰ ঠেলামৰাৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.