বটদ্ৰৱা, 5 জুনঃ জাজৰি আৰক্ষীৰ পাশৱিক নিৰ্যাতনত মৃত্যু হোৱা জাজৰিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি বৰ্তমানেও সমগ্ৰ অঞ্চলটোত বিৰাদ কৰিছে চেপা উত্তেজনা ৷ অভিযুক্ত জাজৰি থানাৰ আৰক্ষী কনিষ্টবল পৰেশ শৰ্মা আৰু আতিকুৰ ৰহমানক আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাই আটক কৰিছে বুলি জানিব পৰা গৈছে ৷
শুকুৰবাৰে ফণীধৰ বৰাৰ পৰিয়ালৰ কাষত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু গৌতম বৰা ৷ পৰিয়ালটোৰ কাষত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে, এই ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে কংগ্ৰছৰ নেতা দুগৰাকীয়ে ৷
লগতে পঢ়কঃ মুখ্যমন্ত্ৰী লৈ বোন্দাপৰ : ক্ষোভিত সাংবাদিকে দিলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি !