চামগুৰি, ৩১ মে': চামগুৰিত উপস্থিত বিধায়ক ৰকিবুল হুছেইন । বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত কৰিলে কেতবোৰ বিস্ফোৰক মন্তব্য । সমগ্ৰ ৰাজ্য কঁপাই যোৱা বটদ্ৰৱা কাণ্ড(Batadrava police station burning incident) ৰ প্ৰসংগত কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য(Reaction of Rakibul Hussain on Batadrava PS case) ।
উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ জৰিয়তে বটদ্ৰৱা থানা কাণ্ড(Mob burns down Batadrava Police Station in Assam) ৰ নিৰপেক্ষ তদন্তৰ পোষকতা কৰে বিধায়ক ৰকিবুল হুছেইনে(Advocates an impartial probe into the Batadrava police station case) । বিদ্যালয়ৰ প্ৰধান শিক্ষকৰে তুলনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পাকে-প্ৰকাৰান্তে সমগ্ৰ ঘটনাৰ বাবে দোষাৰোপ বিধায়কগৰাকীৰ ।
ইফালে মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰসংগত তীক্ষ্ণ শেল হুছেইনৰ(Rakibul Hussain criticizes minister Piyush Hazarika) । বিধায়কগৰাকীৰ মতে, ক্ষমতাই মূৰত ধৰিছে হেনো পীযুষ হাজৰিকাৰ । সেয়েহে আকাশত উৰিছে মন্ত্ৰী পীযুষ । গতিকে সেই সন্দৰ্ভত একো নকয় হুছেইনে । লগতে চৰকাৰখনৰ দিয়া নম্বৰৰ প্ৰসংগতো বিস্ফোৰক মন্তব্য হুছেইনৰ । চৰকাৰক নম্বৰ ৰকিবুল হুছেইনে নহয় ৰাইজে দিব, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য, টোল টেক্স চাই ৰাইজক নম্বৰ দিবলৈ আহ্বান । লগতে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সন্দৰ্ভত কটাক্ষ ৰকিবুলৰ ।
লগতে তেওঁ কয় যে, সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছ দলৰ সাংগঠনিক নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে(Congress party organizational election process begins across India) । ইতিমধ্যেই বাজিয়া গাঁও ব্লকৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে । বাজিয়া গাঁও ব্লকৰ পৰা সাধাৰণ সদস্য হিচাপে মনোনয়ন দাখিল কৰাৰ পাছত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰদেশ কংগ্ৰেছৰ সদস্য হিচাপে নিৰ্বাচিত হয় বিধায়কগৰাকী ৷
নিজকে এটা পৰীক্ষা বুলি ভাবে ৰকিবুল হুছেইনে । তেওঁৰ বাতৰি ওলোৱাৰ পাছতেই বাকী খবৰ তল পৰে । গতিকে তেওঁৰ যে নিজৰ TRP আছে, সেয়া সংবাদ মাধ্যমে প্ৰমাণ কৰিছে বুলি মন্তব্য হুছেইনৰ । ভুৱা প্ৰচাৰে ৰকিবুল হুছেইনৰ TRP বঢ়াইহে বুলিও উল্লেখ কৰে ।
লগতে তেওঁ কয় যে, কংগ্ৰেছ দলে ৰাইজৰ পক্ষত থাকি শক্তিশালী ৰূপ দিব লাগিব । সৰু-সুৰা কথাতো গুৰুত্ব নিদিয়ে হুছেইনে । নিউজটো ওলাই থাকিলে ভালেই পাই বুলি উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটীত-দিল্লীত কি ওলাল, তাক লৈ সজাগ নহয় ৷ মাত্ৰ নিজৰ জিলাখনত সমষ্টিটোত কি হৈছে তাতহে গুৰুত্ব দিয়ে হুছেইনে ।
সেয়েহে ইমান ঘাত-প্ৰতিঘাটৰ পাছতো ২৫ টা বছৰ ৰাইজে প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে । সমষ্টিত থকাৰ আত্মসন্তুষ্টি গুৱাহাটীত বিচাৰি নাপায় বুলিও মন্তব্য হুছেইনৰ । নিউজ কি ওলাইছে তাত নহয়, মানুহে কি ভাবিছে সেয়াহে গুৰুত্বপূৰ্ণ । প্ৰদেশ কংগ্ৰেছৰ সদস্য হিচাপে নিৰ্বাচিত হৈ চামগুৰিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এনেবোৰ মন্তব্য কৰিলে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনে ।
লগতে পঢ়ক: আশ্বিকুলৰ মৃত্যু এক দুৰ্ঘটনা: মুখ্যমন্ত্ৰী