ETV Bharat / state

বাইকৰ ডিলাৰৰ পৰা ৰাজমিস্ত্ৰীয়ে লুটিলে লক্ষাধিক টকা - ইক্রমূল ইছলাম নামৰ চোৰটোক আটক

নগাঁৱৰ বাইকৰ ডিলাৰৰ পৰা ৰাজমিস্ত্ৰীয়ে লুটিলে কেইবা লক্ষাধিক টকা । চিচিটিভি কেমেৰাত বন্দী চুৰিৰ লাইভ দৃশ্য । আৰক্ষীৰ জালত চোৰ ।

rajmistri-thief-14-lakh-rupees-from-bajaj-dealer
বাইকৰ ডিলাৰৰ পৰা ৰাজমিস্ত্ৰীয়ে লুটিলে কেইবালক্ষাধিক টকা
author img

By

Published : May 11, 2021, 5:27 PM IST

নগাঁও,11 মে': নগাঁও চহৰৰ খুটিকটিয়াস্থিত বাজাজ ডিলাৰৰ পৰা এজন ৰাজমিস্ত্ৰীয়ে লুটি নিয়ে ১৪ লাখৰো অধিক নগদ ধন । ডিলাৰতে কাম কৰি থকা ৰাজমিস্ত্ৰীয়ে ডিলাৰ বন্ধ কৰাৰ পিছতে ভিতৰত প্ৰৱেশ কৰি সংঘটিত কৰে এই ঘটনা । এই ঘটনা সংঘটিত হয় শনিবাৰে । দেওবাৰে দোকান বন্ধ থকাৰ বাবে সোমবাৰে চুৰি সন্দৰ্ভত জ্ঞাত হয় ডিলাৰ কৰ্তৃপক্ষ । চিচিটিভি কেমেৰাত বন্দী হয় সমগ্ৰ চুৰি কাৰ্যৰ দৃশ্য ।

বাইকৰ ডিলাৰৰ পৰা ৰাজমিস্ত্ৰীয়ে লুটিলে কেইবালক্ষাধিক টকা

চুৰি হোৱা সমগ্ৰ ঘটনা সন্দৰ্ভত সোমবাৰে হয়বৰগাঁও আৰক্ষী চকীত ডিলাৰ কৰ্তৃপক্ষই এজাহাৰ দিয়াৰ লগতে চিচিটিভি কেমেৰাৰ ফুটেজ দাখিল কৰে । উক্ত ফুটেজৰ ভিত্তিতে হয়বৰগাঁও আৰক্ষীয়ে দলনিজুৰীয়াৰ পৰা ইক্রামূল ইছলাম নামৰ চোৰটোক আটক কৰিবলৈ সক্ষম হয় । ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে চুৰি হোৱা নগদ ৯ লাখ ৫০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত চোৰটোক অব্যাহত ৰাখিছে জেৰা ৷

লগতে পঢ়ক : ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত এন্টি-ক’ভিড ঔষধৰ আঁৰৰ ব্যক্তিজনৰ কথাৰে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.