ETV Bharat / state

চাহ জনগোষ্ঠীৰ সমস্যাৰ সমাধান বিচাৰি দিল্লীলৈ পদব্ৰজে ৰাজেশ মহানন

author img

By

Published : Nov 6, 2021, 12:13 PM IST

দীৰ্ঘদিন ধৰি চাহ জনগোষ্ঠীৰ লোকসকলে ভূগি অহা বিভিন্ন সমস্যা সমাধানৰ পথ বিচাৰি ডুমডুমাৰ পৰা দিল্লীলৈ পদযাত্ৰা ৰাজেশ মহাননৰ ৷ ৰাজেশ মহাননৰ উদ্দেশ্য দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ ৷

Rajesh Mahanan walks from Dumduma to Delhi
ডুমডুমাৰ পৰা দিল্লীলৈ পদযাত্ৰ ৰাজেশ মহাননৰ

চামগুৰি, 6 নৱেম্বৰ : তিনিচুকীয়াৰ ডুমডুমাৰ পৰা দিল্লীলৈ পদযাত্ৰা আৰম্ভ ৰাজেশ মহাননৰ ৷ প্ৰায় 10 দিন পূৰ্বে যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে বিয়লি চামগুৰিত উপস্থিত হয় ৰাজেশ মহানন নামৰ ব্যক্তিগৰাকী ৷ দীৰ্ঘদিন ধৰি চাহ জনগোষ্ঠীৰ লোকসকলে ভোগ কৰি অহা বিভিন্ন সমস্যা সমাধানৰ পথ বিচাৰি দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে ৰাজেশে ৷

দীৰ্ঘদিন ধৰি ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলে ভূগি আহিছে বহু সমস্যাত ৷ এই সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰ ৷ মাথো নিৰ্বাচনৰ পূৰ্বে চাহ অধ্যুষিত অঞ্চলসমূহলৈ আহি বিয়াগোম ৰাজনৈতিক নেতাসকলে দি যায় প্ৰতিশ্ৰুতি ৷ যাৰ বাবে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দৃষ্টিগোচৰ কৰিবলৈ ৰাজেশে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

ৰাজেশে গৃহ জিলা তিনিচুকীয়াৰ ডুমডুমাৰ পৰা দিল্লীলৈ পদব্ৰজে গৈ প্ৰধানমন্ত্ৰীগৰাকীক সকলো কথা অৱগত কৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰিছে এই যাত্ৰা । প্ৰায় তিনিমাহৰ অন্তত দিল্লীত উপস্থিত হ’ব ৰাজেশ মহানন ৷ নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাজেশে প্ৰদান কৰিব কেইবাদফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্ৰ ।

ৰাজেশৰ পত্ৰখনত সন্নিৱিষ্ট আছে কেইবাটাও দাবী ৷ তাৰ ভিতৰত আছে- চাহ জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, চাহ বাগিচা অধ্যুষিত অঞ্চলত উচ্চ শিক্ষাৰ পৰিৱেশ গঢ়ি তোলা, ৰাজ্যৰ বান সমস্যাক গুৰুত্ব প্ৰদান কৰা ইত্যাদি ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি চামগুৰিত উপস্থিত হোৱা ৰাজেশৰ প্ৰায় ২৫০০ কিল’মিটাৰজোৰা এই দুঃসাহসিক পদযাত্ৰাই চাহ জনজাতিৰ লোকসকলে দীৰ্ঘদিন ধৰি ভূগি অহা সমস্যাসমূহ সমাধান কৰাত কিছু পৰিমাণে হ’লেও সহায়ক হ’ব ৷

লগতে পঢ়ক : আথিয়া চেট্টীলৈ কে এল ৰাহুলৰ জন্মদিনৰ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.