চামগুৰি,26ডিচেম্বৰঃ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী ৷ ৰাজ্যৰ প্ৰায়বোৰ ৰাজনৈতিক দলৰ সমান্তৰালভাৱে নৱগঠিত ৰাইজৰ দলৰ মাজতো বৃদ্ধি পাইছে ৰাজনৈতিক কুচকাৱাজ ৷ শনিবাৰে নগাঁও পুৰণিগুদামৰ নিকটৱৰ্তী চলচলি পঞ্চায়তত ৰাইজৰ দলৰ এখন পঞ্চায়ত কমিটি গঠন সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকে ৰাইজৰ দলৰ মুখ্য ৰাজ্যিক আহ্বায়ক গিৰি শংকৰ গোস্বামী,ৰাজ্যিক সমন্বয়ক ৰাজু বৰা, জিলা সমন্বয়ক নীলমণি শইকীয়াকে আদি কৰি বঢ়মপুৰ সমষ্টিৰ সভাপতি সম্পাদক ক্ৰমে ৰঞ্জিত ডেকা ৰজা আৰু মইদুল হক ৷
ইপিনে,জিলা সমন্বয়ক প্ৰকাশ বৰুৱাই ভাষণ প্ৰসংগত বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত আৰু 2016চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজিত প্ৰাৰ্থী সুৰেশ বৰাক নানা কটু কথাৰে তীব্ৰ সমালচনা কৰে ৷ ইপিনে,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ৰাজনীতিৰ পৰা সন্ন্যাস ল'বলৈ অনুৰোধ জনাই ৰাইজৰ দলৰ মুখ্য সমন্বয়ক গিৰি শংকৰ গোস্বামীয়ে প্ৰফুল্ল কুমাৰ মহন্ত বৰ্তমান সম্পূৰ্ণ ৰূপে এজন ব্যৰ্থ বিধায়ক বুলি কয় ৷ ইয়াৰ লগতে মহন্তই আঞ্চলিকতাবাদৰ নামত সকলোকে প্ৰতাৰণা কৰিলে বুলিও কটাক্ষ কৰে গোস্বামীয়ে ৷ আনহাতে,ৰাইজৰ দলৰ মুখ্য আহ্বায়কগৰাকীয়ে খুব কম দিনৰ ভিতৰতে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব বুলি জানিবলৈ দিয়ে মুখ্য সমন্বয়ক গিৰি শংকৰ গোস্বামীয়ে ৷
লগতে পঢ়কঃ নাগৰহোল ৰাষ্ট্ৰীয় উদ্যানৰ ভাইৰেল ভিডিঅ’...