ETV Bharat / state

ৰূপহীহাটত ৰাইজৰ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ - কগ্ৰেছৰ অপশাসন, দুৰ্নীতি, নেলী হত্যাকাণ্ড

ৰাইজৰ বিপুল সহাঁৰিৰে ৰূপহীহাটত ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ । কংগ্ৰেছৰ লগতে বিজেপিকো ক্ষুৰধাৰ সমালোচনা ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ ৷

ৰূপহীহাটত ৰাইজৰ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 15, 2021, 2:02 PM IST

ৰূপহীহাট,15 মাৰ্চঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান দিন বাকী । সমষ্টিয়ে সমষ্টিয়ে বলিছে নিৰ্বাচনী গৰম বতাহ ৷ নেতা পালিনেতাৰ মুখত বৈছে বহু প্ৰতিশ্ৰুতিৰ বন্যা । তাৰ সমান্তৰালভাৱে পিছপৰি ৰোৱা নাই ৰূপহীহাটৰ বিভিন্ন দলসমূহৰ প্ৰাৰ্থীসকল । ৰূপহীহাটৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামে কৰ্মী সকলক লগত লৈ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ ভোটাৰ ৰাইজৰ মন জয়ৰ চেষ্টাৰে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ ইতিমধ্যে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৰাইজৰ পৰা লাভ কৰিছে বিপুল সহাঁৰি ।

ৰূপহীহাটত ৰাইজৰ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

নজৰুল ইছলামে সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলাই কগ্ৰেছৰ অপশাসন, দুৰ্নীতি, নেলী হত্যাকাণ্ড আদি বিভিন্ন অভিযোগ তুলি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । সেইদৰে বিজেপিৰ নেতা সকলকো সমালোচনা কৰি কয় বিজেপিয়ে শংকৰ-আজানৰ দেশত বিভেদ অনাৰ চেষ্টা কৰিছে যাৰ বাবে তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বাহিৰা শক্তিসমুহে ৷

লগতে আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত ৰূপহীহাটক সৰ্বাংগীন উন্নতিৰ বাবে তেখেতে কৰা পৰিকল্পনা সমূহ ব্যক্ত কৰি আগন্তুক নিৰ্বাচনত 100 শতাংশ নিশ্চিতৰে জয়যুক্ত হ'ব বুলি সাংবাদিকক জনায় ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামে ৷

লগতে পঢ়কঃনলবাৰীত আছু নেতাক আক্ৰমণ দূৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.