ETV Bharat / state

বিধায়ক ডিম্বেশ্বৰ দাসে আলু খেতি কৰকঃ ৰহাৰ ৰাইজ - কঠিয়াতলী উন্নয়ন খণ্ডৰ বিষয়ববীয়া

ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰহাবাসীয়ে ৷ বিগত বৰ্ষতে বানপানীয়ে উটুৱাই নিয়া মথাউৰি এবছৰতো নিৰ্মাণ কৰা নাই ৷ লগতে,শেহতীয়া কোভিড-19 সম্পৰ্কে অঞ্চলবাসীৰ সৈতে কোনো আলোচনাত মিলিত হোৱা নাই বিধায়ক গৰাকীয়ে ৷ সেয়েহে বিধায়ক ডিম্বেশ্বৰ দাসক আলু খেতি কৰিবলৈ আহ্বান জনাই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

বিধায়ক ডিম্বেশ্বৰ দাসক আলু খেতি কৰিবলৈ আহ্বান ৰহাবাসীৰ

author img

By

Published : Apr 24, 2020, 3:39 PM IST

বঢ়মপুৰ, 24 এপ্ৰিল : ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসক আলু খেতি কৰিবলৈ আহ্বান জনাইছে সমষ্টিবাসীয়ে । কিয়নো বাৰিষাৰ আগতেই মথাউৰিৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়াৰ পিছতো আজিও গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ । এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

বিধায়ক ডিম্বেশ্বৰ দাসক আলু খেতি কৰিবলৈ আহ্বান ৰহাবাসীৰ

অভিযোগ অনুসৰি,বিগত বৰ্ষত বানপানীয়ে ৰহা সমষ্টিৰ মাধৱপাৰাৰ মথাউৰিটো ভাঙি তচনচ কৰাৰ এটা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে মেৰামতি কৰাৰ বাবে কোনো গুৰুত্ব নিদিলে বিভাগীয় কৰ্তৃপক্ষই,যাৰ বাবে গভীৰ সংকটত পৰিছে বৰপানী নৈ-পৰীয়া ৰাইজ ।

ইফালে বানে মথাউৰিটো ভাঙি চূৰমাৰ কৰাৰ পিছত কেইডালমান বাঁহ বান্ধি দিয়েই নিজ কৰ্তব্য সামৰিলে কঠিয়াতলী উন্নয়ন খণ্ডৰ বিষয়ববীয়াই । ইয়াৰোপৰি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাইজৰ বুজ ল’বলৈ নহাত বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে ৰাইজে তীব্ৰ ক্ষোভ উজাৰিছে

লগতে পঢ়ক : মৰিগাঁৱত দৰিদ্ৰ পৰিয়াললৈ খাদ্যৰ যোগান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.