ETV Bharat / state

লক ডাউনঃ কি কৰি সময় কটাইছে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে ?

author img

By

Published : Mar 28, 2020, 9:18 PM IST

কৰ'ণা ভাইৰাছৰ পৰা অসমক ৰক্ষা কৰিবলৈ তৎপৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ৷ তেওঁলোকৰ উপৰিও প্ৰায়বোৰ বিধায়কে নিজ নিজ সমষ্টিৰ জনতাক সজাগ কৰাৰ প্ৰয়াস কৰিছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসো ৷

raha-mla-dimbeswar-das-on-lock-down
ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস

ৰহা,28 মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি মহামাৰী কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস। ভাৰতবৰ্ষতো চলিছে ২১দিনীয়া লক ডাউন। এই কৰ'ণা ভাইৰাছৰ পৰা অসমক ৰক্ষা কৰিবলৈ তৎপৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ৷ সমান্তৰালভাৱে,প্ৰায়বোৰ বিধায়কে নিজ নিজ সমষ্টিৰ জনতাক সজাগ কৰাৰ প্ৰয়াস কৰিছে ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস । যোৱা ২৪ মাৰ্চৰ পৰা বিধায়কজনে নিজা ঘৰ ৰহাতে থাকি সমষ্টিবাসীক সজাগ কৰিবলৈ চেষ্টা কৰিছে। তেওঁ যদি কোনো এদিন হাতত কোৰলৈ পাচলি বাৰীত কোৰ মাৰিছে,আন এদিন আকৌ হাতত কিতাপলৈ কিতাপ পঢ়াত ব্যস্ত হৈ পৰিছে । মুঠতে ঘৰৰ চৌহদৰ পৰা বাহিৰলৈ নোলোৱাকৈ নিজকে লক ডাউন কৰি সমষ্টিবাসীক উদাৰহণ দিয়াৰ প্ৰয়াস কৰিছে ৰহাৰ বিধায়কগৰাকীয়ে ৷

ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস

লগতে পঢ়কঃৰাজ্য চৰকাৰলৈ এক লাখ টকাৰ অনুদান যতীন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.