ETV Bharat / state

এন আৰ চি চূড়ান্ত তালিকা: নাম নাই ৰহাৰ প্ৰমিলা গাঁও পঞ্চায়তৰ অৰ্ধেক মানুহৰ

প্ৰমিলা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ পোন্ধৰশ লোকৰ ভিতৰত সাতশ লোকৰ নাম নাই এন আৰ চিত ৷

এন আৰ চি চূড়ান্ত তালিকা: নাম নাই ৰহাৰ প্ৰমিলা গাঁও পঞ্চায়তৰ অৰ্ধেক মানুহৰ
author img

By

Published : Sep 3, 2019, 2:49 PM IST

ৰহা, 3 ছেপ্তেম্বৰ: ৰাজ্যত অৱসান ঘটা নাই এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ বিৰ্তক-প্ৰতিবাদৰ ৷ এজনৰ পাছত এজন ভূমি-পুত্ৰৰ এতিয়া নাম কৰ্তন হৈছে এন আৰ চি তালিকাৰ পৰা ৷ চূড়ান্ত তালিকাত নাই ৰহাৰ সমষ্টিৰ প্ৰমিলা গাওঁ পঞ্চায়তৰ পঞ্চাশ শতাংশ লোকৰ নাম ৷ ইয়াৰ পাছতে এতিয়া হাহাকাৰ লাগিছে ভূক্তভোগী পৰিয়ালৰ মাজত ৷ পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ পোন্ধৰ শ লোকৰ ভিতৰত সাত শ লোকৰে নাম নাহিল চূড়ান্ত তালিকাখনত৷ তালিকাৰ পৰা বাদ পৰা এই হিন্দু বাঙালী সম্প্ৰদায়ৰ লোকসকলে ই টিভি ভাৰতৰ আগত জনাই যে তেওলোকে 1969 চনতে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিল আৰু তাৰ পাছৰে পৰা তেঁওলোকে নিৰ্বাচনত ভোটাধিকাৰো সাব্যস্ত কৰি আহিছে আনকি লোকসকলে তেতিয়াই মাটিৰ পট্টন লাভ কৰিছিল আৰু পাছত সময়মতে মাটিৰ খাজানাও আদায় দি আহিছে ৷

তাৰোপৰি তেঁওলোকৰ হাতত লিগেচীকে ধৰি প্ৰয়োজনীয় সকলো নথি পত্ৰ আছে৷ তেনেস্থলত তেঁওলোকৰ নাম এন আৰ চি চূড়ান্ত তালিকাত অন্তৰ্ভূক্ত নোহোৱাত এতিয়া হতাশ হৈ পৰিছে ভূক্তভুগী লোকসকল ৷ শংকিত লোকসকলৰ আহ্বান,"যদি আমাৰ নাম নাম এন আৰ চি তালিকাত অন্তৰ্ভূক্ত কৰিব নোৱাৰে তেন্তে চৰকাৰ প্ৰশাসনে গুলিয়াই মাৰক আমাক"৷

Intro:NRC চূড়ান্ত তালিকাত নাম নাহিল ৰহা সমষ্টিৰ প্ৰমিলা গাঁও পঞ্চায়তৰ পঞ্চাশ শতাংশ লোকৰ নাম ।Body:NRC ৰ চূড়ান্ত তালিকাত নাহিল ৰহা সমষ্টিৰ প্ৰমিলা গাওঁ পঞ্চায়তৰ পঞ্চাশ শতাংশ লোকৰ নাম। এই লৈ হাহাকাৰ লাগিছে ভুক্তভুগী পৰিয়ালৰ মাজত। কেৱল প্ৰমিলা গাওঁ পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ পোন্ধৰ শ লোকৰ ভিতৰত সাত শ লোকৰে নাম নাহিল NRCৰ চূড়ান্ত তালিকাত। NRCৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা এই হিন্দু বঙালী সম্প্ৰদায়ৰ লোকসকলৰ দাবী, ১৯৬৯চনতে তেওঁলোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিল আৰু ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। আনকি অসম চৰকাৰৰ তৰফৰ পৰা এবিঘাকৈ মাটিও তেতিয়াই পট্টন পাইছিল আৰু মাটিৰ খাজানাও আদায় দি আহিছে। সেইদৰে তেওঁলোকৰ লিগেচীকে ধৰি প্ৰয়োজনীয় সকলো নথি পত্ৰ আছে। তেনে ক্ষেত্ৰত কেনেদৰে তেওঁলোক NRCৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল সেই লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এইসকল লোকে দাবী কৰা মতে ১৯৬৫ চনতে এই অঞ্চলৰ বাসিন্দাসকল পূৱ পাকিস্তানৰ পৰা অসমলৈ আহিছিল আৰু ১৯৬৯চনত ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিল। NRCৰ আবেদনত সকলো তথ্য সন্নিবিষ্ট কৰিছিল আৰু শুনানীৰ সময়তো সকলো তথ্য দাখিল কৰিছিল। কিন্তু সদ্য প্ৰকাশিত NRCৰ চূড়ান্ত তালিকাৰ পৰা অঞ্চলটোৰ অৰ্ধ শতাংশ লোকৰ নাম বাদ পৰাত হতাশাত ভুগিছে ভুক্তভুগিসকল। শংকিত লোকসকলৰ আহ্বান হয় NRC ত তেওঁলোকৰ নাম সন্নিবিষ্ট কৰক নহ'লে গুলীয়াই মাৰক। সংবাদিকৰ কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দিছে ভোক্তভূগীসকলে। ইপিনে আইনৰ আশ্ৰয় ল'বলৈও আৰ্থিকভাৱে সবল নহয় এইসকল লোক। এনে পৰিস্থিতিত দিক বিদিক হেৰুৱাই শোকত ভাগি পৰিছে এইসকল লোক আৰু NRCত নাম নাহিলে গুলীয়াই মাৰিবলৈ চৰকাৰ অহ্বান জনাইছে।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.