ETV Bharat / state

ৰহাত কলং নৈৰ ভয়াৱহ খহনীয়া - গড়কাপ্টানি

ৰহাৰ তিনিসুঁতিত ব্যাপক খহনীয়া ৷ বন্ধ হ'ল ৰহা,চাপৰমুখ,কামপুৰ সংযোগী ৰাজ্যিক পথ ৷ কাণসাৰ নাই জলসম্পদ বিভাগৰ ৷

RAHA CHAPARMUKH ROAD CLOSED
ৰহাত কলং নৈৰ ভয়াৱহ খহনীয়া,বন্ধ ৰহা,চাপৰমুখ,কামপুৰ সংযোগী পথ
author img

By

Published : Oct 23, 2020, 11:24 AM IST

ৰহা,23 অক্টোবৰ : ৰহাত কলং নৈৰ ভয়াৱহ খহনীয়া । ৰহাৰ গড়মাৰী তিনিসুঁতিত নিশাটোৰ ভিতৰতে কলং নৈৰ খহনীয়াই লৈছে কালৰূপ । বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চপৰা চপৰে খহিছে কলঙৰ গৰা । ফলত ৰহা-চাপৰমুখ তথা ৰহা-কামপুৰ পথলৈ তীব্ৰ ভাবুকি আহিছে । ইতিমধ্যে গড়কাপ্তানী পথটো খহাই নিয়াৰ উপক্ৰম হৈছে,ফলত আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ।

ৰহাত কলং নৈৰ ভয়াৱহ খহনীয়া,বন্ধ ৰহা,চাপৰমুখ,কামপুৰ সংযোগী পথ

ইতিমধ্যে ৰহা প্ৰশাসনে পথটোৰ ওপৰত যান বাহন চলাচল বন্ধ কৰিছে যদিও এই পৰ্যন্ত জলসম্পদ বিভাগৰ কোনো লোক খহনীয়াস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী । উল্লেখ্য যে গড়মাৰী তিনিসুঁতিৰ এই গড়কাপ্তানী পথটো খহাই নিলে বৃহত্তৰ অঞ্চলটো বিপদত পৰিব । কিন্তু গা লৰা নাই জলসম্পদ বিভাগৰ ।

লগতে পঢ়ক : মৰিগাঁৱত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.