ETV Bharat / state

মৈৰাবাৰী মহাবিদ্যালয়ত শংকৰদেৱ-মাধৱদেৱৰ সাহিত্যৰাজি শীৰ্ষক কুইজ প্ৰতিযোগিতা

author img

By

Published : Sep 19, 2022, 9:39 PM IST

'শংকৰদেৱ-মাধৱদেৱৰ সাহিত্যৰাজি' শীৰ্ষক কুইজ প্ৰতিযোগিতা (Quiz Competition at Moirabari College)মৈৰাবাৰী মহাবিদ্যালয়ত সম্পন্ন । এই উপলক্ষে আয়োজিত সভাত গুৰু দুজনাৰ (Srimanta Sankaradeva) জীৱনাদৰ্শ তথা সাহিত্য কৰ্মৰ অধ্যয়ন কৰিবলৈ আহ্বান অধ্যাপকৰ ।

Quiz Competition at Moirabari College
মৈৰাবাৰী মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতা

ধিং, ১৯ছেপ্টেম্বৰ: মৈৰাবাৰী মহাবিদ্যালয়ত 'শংকৰদেৱ-মাধৱদেৱৰ সাহিত্যৰাজি' শীৰ্ষক কুইজ প্ৰতিযোগিতা (Quiz Competition at Moirabari College) অনুষ্ঠিত হয় । মৰিগাঁৱ জিলাৰ মৈৰাবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মৈৰাবাৰী মহাবিদ্যালয়ৰ আলোচনা গৃহত সোমবাৰে দিনৰ ১ বজাত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এই কুইজ প্ৰতিযোগিতাখনি ।

উক্ত কুইজ প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে ৰাণী বিলকিছ, ৰাজীৱ হুছেইন আৰু শ্বাৰিব জিয়াৰ দলটোৱে । আনহাতে, দ্বিতীয় স্থান লাভ কৰে অসমীয়া বিভাগৰ স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী আয়েশ্বা ছিদ্দিকা, নাৰগিছ ছুলতানা আৰু খাইৰুন নেহাৰৰ দলটোৱে । প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক একোখনকৈ প্ৰমাণ পত্ৰ, স্মাৰক ট্ৰফী আৰু কিতাপেৰে পুৰস্কৃত কৰা হয় । লগতে অংশগ্ৰহণকাৰী সকলো প্ৰতিযোগীকে একোটাকৈ কলম উপহাৰ দিয়া হয় ।

উক্ত অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা জাহানাৰা বেগম, বিভাগীয় মূৰব্বী ড৹ অংশুমান দাসসহ বিভিন্ন বিভাগৰ অধ্যাপকসকল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক গুৰু দুজনাৰ (Srimanta Sankaradeva) জীৱনাদৰ্শ তথা সাহিত্য কৰ্মৰ অধ্যয়ন-গৱেষণাৰে বিশ্ব দৰবাৰত অসমীয়াৰ গৌৰৱ, স্বাভিমান প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় । কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে অধ্যাপক আব্দুল গণি আৰু বিকাশিতা কলিতাই ।

লগতে পঢ়ক:বিদ্যুৎ বিল বৃদ্ধিৰ আঁৰত মুখ্যমন্ত্রীয়ে লুটপাত চলোৱাৰ গুৰুতৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.