চামগুৰি, 19 নৱেম্বৰ : নগাঁও চমুৱাগাঁৱত কৰ্মী একতা দিৱস পালন ৷ দেশৰ প্ৰাক্তন প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশত কৰ্মী একতা দিৱস উদযাপন কৰা হয় । তাৰ সমান্তৰালকৈ নেহেৰু যুৱ কেন্দ্ৰ নগাঁৱৰ উদ্যোগত চমুৱা গাঁৱৰ হাতীচুং চিত্ৰকলা বিদ্যালয়ত শিশু যুৱক-যুৱতী সকলক লৈ এই দিৱসটি উদযাপন কৰা হয় । অনুষ্ঠানটিত বন্তি প্ৰজ্বলন, চাফাই অভিযান, বৃক্ষ ৰোপণ কৰি তাৰ পাচতে এই কৰ্মী একতা দিৱসৰ বাবে ৰাইজক সজাগ কৰিবলৈ এটা সমদল উলিওৱা হয় ।
![quarmi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9596596_kuv.jpg)
লগতে পঢ়ক : ভাৰতৰ প্ৰথম তথা একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ 103 সংখ্যক জন্ম বাৰ্ষিকী