ৰূপহীহাট,১১ এপ্ৰিল: ৰূপহীহাটত ৰে’ল বিভাগে কোনো জাননী প্ৰদান নকৰাকৈ হঠাৎ এটা পথ বন্ধ কৰাক লৈ তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয় । ৰাইজে ৰে’ল বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
অভিযোগ অনুসৰি, ৰূপহীহাটৰ ৰে’ল ষ্টেচনৰ মাজেৰে যোৱা প্ৰায় চাৰি-পাঁচখন গাঁৱৰ ৰাইজে বিগত ৬০ বছৰে অহা-যোৱা কৰা ৰূপহী টাউনৰ একমাত্ৰ পথটি কোনো জাননী প্ৰদান নকৰাকৈ বন্ধ কৰি দিয়ে ৰে’ল বিভাগে । পথটো বন্ধ কৰি দিয়াৰ লগে লগে বহু অসুবিধাত পৰিছে সাধাৰণ ৰাইজ । দেওবাৰে স্থানীয় ৰাইজ পথলৈ ওলাই আহি শীঘ্ৰে ৰে’ল বিভাগক পথটি মুকলি কৰি দিবলৈ আহ্বান জনোৱাৰ লগতে আকস্মিকভাৱে লোৱা এনে সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক: কামাখ্যা দৰ্শনলৈ অহা তিনিজনৰ দেহত কৰ’ণা