ETV Bharat / state

Nagoan Tense Situation : ঠিকাদাৰৰ মইমতালিত গৃহবন্দী নগাঁও চহৰৰ ডিফলুবাসী

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 5:17 PM IST

2-3 মাহে ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে নগাঁও চহৰৰ ডিফলু অঞ্চলৰ বাসিন্দা ৷ ঠিকাদাৰৰ মইমতালিৰ বাবে চৰম শাস্তি ভোগ কৰিব লগা হৈছে ৰাইজ ৷

Nagoan Tens Situation
ঠিকাদাৰৰ মইমতালিত গৃহবন্দী নগাঁও চহৰৰ ডিফলুবাসী

নগাঁও, 26 ছেপ্টেম্বৰ : ঠিকাদাৰৰ মইমতালিৰ বাবে 2-3 মাহে ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে নগাঁও চহৰৰ ডিফলু অঞ্চলৰ বাসিন্দা ৷ কাৰণ জলজীৱন আঁচনিৰ অধীনত চহৰখনত নিৰ্মাণ কৰি আছে পানীৰ নলা ৷ ফলত য’তে ত’তে খান্দিছে গাঁত ৷ সেয়ে বহু পৰিয়ালৰ ঘৰৰ পদুলিত দ’ম কৰি ৰাখিছে মাটি আৰু খান্দিছে গাঁত ৷ সেয়ে ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে ৰাইজ ৷

আনহাতে নতুনকৈ নিৰ্মাণ হোৱা বহু পথত যধে-মধে গাঁত খান্দিছে যদিও লগে লগে মেৰামতিৰে সু-ব্যৱস্থা নকৰাৰ ফলত অচলাৱস্থাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সেয়ে মঙলবাৰে নগাঁও চহৰৰ ডিফলু অঞ্চলত নলা নিৰ্মাণক লৈ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয় ৷ ৰাইজে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷

ডিফলুত ৰাইজৰ যাতায়তৰ সুবিধাৰ প্ৰতি তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি ঠিকাদাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ ৷ অভিযোগ অনুসৰি, ঠিকাদাৰে নিজ ইচ্ছামতেই নলা খন্দাৰ বাবে স্থানীয় লোক ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ৷ আনহাতে কোনো কাম নিয়াৰিকৈ নকৰাৰ ফলত ম'হখুলিস্থিত চিকিৎসা মহাবিদ্যালয়খনো এজাক বৰষুণতে পানীত বুৰ যায় ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ‘‘এফালে অলপমান খান্দিব, আকৌ আন ঠাইত অলপমান খান্দিব তাৰ পিচত আমাক হাৰাশাস্তি কৰিব ৷ দুই তিনিমাহ ধৰি অত-তত খান্দিছে গাঁত’’ এই মন্তব্য ৰাইজৰ ৷ ইফালে ৰাইজক অসুবিধাৰ সৃষ্টি কৰি নলা নিৰ্মাণ কৰা কাৰ্যক এক উচিত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা আয়ুক্তক দাবী জনায় স্থানীয় লোকে ৷

লগতে পঢ়ক:Tense Situation at Rupohihat: ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত মজিবুৰ ৰহমান খান; থানা ঘেৰাও সহস্ৰাধিক লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.