ETV Bharat / state

বঢ়মপুৰত জনতাৰ লক ডাউন

author img

By

Published : Jul 31, 2020, 3:06 PM IST

বৃহত্তৰ বঢ়মপুৰ অঞ্চলত গণ সংক্ৰমণৰ আশংকাৰে স্থানীয় লোকে 24 ৰ পৰা 28 তাৰিখলৈ জনতাৰ লক ডাউন অব্যাহত ৰখাৰ পাচত,পুনৰ 29 জুলাইৰ পৰা 2 আগষ্টলৈ বৃদ্ধি কৰিছে লক ডাউনৰ সময়সীমা ৷

জনতাৰ লক ডাউন
জনতাৰ লক ডাউন

নগাঁও, 31 জুলাই: নগাঁৱৰ বঢ়মপুৰত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণাৰ গণ সংক্ৰমণ ৷ যাৰ বাবে এইবাৰ চৰকাৰ কিম্বা জিলা প্ৰশাসনে নহয় স্বয়ং বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ লোকে বঢ়মপুৰত জাৰি কৰিছিল জনতাৰ লক ডাউন ৷ 24 ৰ পৰা 28 তাৰিখলৈ এই লক ডাউন অব্যাহত ৰখাৰ পাচত পুনৰ অঞ্চলবাসীয়ে 29 জুলাইৰ পৰা 2 আগষ্টলৈ বৃদ্ধি কৰিছে জনতাৰ লক ডাউন ৷

বঢ়মপুৰত জনতাৰ লক ডাউন

বঢ়মপুৰৰ স্থানীয় বাসিন্দাই জানিবলৈ দিয়া অনুসৰি,অঞ্চলটোত থকা নৱম অসম আৰক্ষী বাহিনীৰ বহু কেইগৰাকী জোৱানৰ দেহত পোৱা গৈছে COVID-19 ৰ অৱস্থিতি ৷ যিহেতু সেই চাউনীত থকা আবাসগৃহ সমূহত জোৱানসকলৰ পৰিয়ালো থাকে আৰু তেওঁলোকে সেই অঞ্চলৰ ভিন্ন স্থানত ওলাই যায় ভিন্ন কামৰ বাবে ৷ সেয়েহে কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাইজে জাৰি কৰিছে এই লক ডাউন ৷ জানিহ পৰা অনুসৰি,বৰ্তমানলৈ নৱম অসম আৰক্ষী বাহিনী 20 গৰাকীতকৈয়ো অধিক লোক আক্ৰন্ত হৈছে COVID-19 ত ৷

লগতে পঢ়ক: ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত কঠোৰ হ'লেই স্তিমিত নহয় কৰ'ণাৰ সংক্ৰমণ : ডঃ হাফিজ ৰফিকুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.