নগাঁও, ৪ জুলাই: নগাঁৱত এজন আৰক্ষী জোৱানৰ বিলৈ । শনিবাৰে ৰাইজৰ ৰোষত পৰিব লগা হ'ল বিদ্যুত নামৰ আৰক্ষীৰ এজন কনিষ্টবল। এটা গুৰুতৰ অভিযোগত ৰাইজৰ হাতত ধৰা পৰিল কনিষ্টবলজন ।
ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই সফলতা অৰ্জন কৰাৰ সময়তে আৰক্ষীৰ গোটেই অভিযানটোতেই ঢালিলে চেঁচাপানী । ড্ৰাগছ কিনিবলৈ গৈ এইবাৰ সাধাৰণ জনতাৰ হাতত ধৰা পৰিল খুদ আৰক্ষীয়েই । দিন বেয়া আছিল কনিষ্টবল বিদ্যুতৰ । শনিবাৰে ভাং আৰু নিচাজাতীয় ঔষধ ক্ৰয় কৰাৰ অভিযোগতে একাংশ লোকে ঘেৰি ধৰিলে আৰক্ষী কনিষ্টবলজনক । তাৰ পিছত এটা দুটাকৈ লপা-থপা ।
ঘটনাৰ স্থান নগাঁও চহৰৰ মৰিকলং আৰক্ষী চকীৰ অন্তৰ্গত নগাওঁ ৰেল ষ্টেচনৰ সমীপৰ । নিচাজাতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ এক অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হ'ল কনিষ্টবলজন । উপস্থিত ৰাইজৰ দুই একে প্ৰহাৰো কৰিলে কনিষ্টবলজনক । অৱশ্যে ইয়াৰ মাজতে সুযোগ বুজি পলায়ন কৰিলে আৰক্ষীৰ জোৱানজনে । খাকী পোছাকযোৰ পৰিধান কৰিয়েই নিষিদ্ধ ভাং আৰু নিচাজাতীয় ঔষধ কিনিবলৈ যোৱা জোৱানজনৰ লগত আৰু এজন আৰক্ষীও থকাৰ অভিযোগ স্থানীয় লোকৰ ।
উল্লেখ্য যে, নগাওঁ ৰেল ষ্টেচনৰ সমীপত দীৰ্ঘদিনৰ পৰাই এটা অসাধু চক্ৰই নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই থকাৰ অভিযোগ পূৰ্বৰে পৰা উত্থাপন হৈ আহিছে । কিন্তু এই চক্ৰটোক মৰিকলং আৰক্ষীয়ে কিয় উৎখাত কৰা নাই সেয়া আন এক ৰহস্য । তাৰোপৰি শনিবাৰ আৰু দেওবাৰে নগাঁও চহৰত সম্পূৰ্ণ লকডাউনৰ সুযোগ লৈ এচাম অসাধু ব্যক্তিয়ে ড্ৰাগছৰ বেহাখন মুকলিকৈ চলাই নিয়াৰো অভিযোগ উঠিছে ।
লগতে পঢ়ক : অসমৰ ৰাজভৱন চৌহদক কনটেইনমেন্ট জ'ন ঘোষণা