চামগুৰি, 14 ডিচেম্বৰ : চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাই সোমবাৰে নগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।
চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ কেইবা শতাধিক সদস্যই তেওঁলোকৰ 10 দফীয়া দাবীৰ সমৰ্থনত শ্ল'গানেৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে । সংগঠনটোৰ 10 দফীয়া দাবীৰ ভিতৰত চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান, চাহ জনগোষ্ঠীৰ লোক সকলক ভূমিৰ পট্টা প্ৰদান, চৰকাৰী বিভাগত চাহ জনগোষ্ঠীৰ শিক্ষিত নিবনুৱাক নিযুক্তিৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৷
লগতে পঢ়ক : মঙলবাৰে গুৱাহাটীত অব্যাহত থাকিব কেবৰ চলাচল