ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল

author img

By

Published : Jul 23, 2020, 3:31 PM IST

কাৰাবন্দী নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত মানৱ শৃংখল প্ৰদৰ্শন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ জিলাখনৰ কৃষ্ণাইঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখল প্ৰদৰ্শন কৰি সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

Protest of KMSS to free akhil gogoi from jail nagaon assam etv bharat news
অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল

নগাঁও,23 জুলাই: কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল দাবীৰ মুক্তিৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ ইতিমধ্যে কাৰাবন্দী নেতাগৰাকীয়ে তিনিটাকৈ গোচৰত জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷ মানস ৰঞ্জন গগৈৰ বিচাৰপীঠে গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা এই গোচৰৰ ৰায়দান কৰে ৷ তদুপৰি গগৈৰ বিৰুদ্ধে থকা আন দুটা গোচৰত জামিন লাভ কৰিলেই মুকলি আকাশৰ তললৈ আহিব কৃষক নেতা গৰাকী । ইতিমধ্যে তিনিটা গোচৰত জামিন লাভ কৰা অখিল গগৈৰ বিৰুদ্ধে থকা চাবুৱা আৰু চান্দমাৰী থানাৰ দুটাকৈ গোচৰত জামিন লাভ কৰিবলৈ বাকী আছে । চাবুৱা আৰু চান্দমাৰী থানাৰ গোচৰ দুটা পৰৱৰ্তী সময়ত নিয়াৰ হাতত অৰ্পণ কৰা হৈছিল ।

অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল

ইফালে,কা আন্দোলনত জড়িত গগৈৰ বিনা চৰ্তে মুক্তিৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে । জিলাখনৰ কৃষ্ণাইঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখল প্ৰদৰ্শন কৰি সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ ফুলজাৰি মৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ শূন্য সহনশীল নীতি বৰ্তমান ধোঁৱাচাঙত উঠিছে বুলি মন্তব্য প্ৰকাশ কৰে সংগঠনটোৰ নগাওঁ জিলা সভাপতি জিতেন বৰাই । লগতে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত গ্ৰহণৰ বাবে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰক অসমৰ ৰাইজে প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে চাওকঃ বান পৰিস্থিতিৰ অৱনতিঃ 89 গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.