ETV Bharat / state

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ - নগাঁৱত প্ৰতিবাদ

সোমবাৰে নগাঁৱত মাইক্ৰ’ফাইনেঞ্চ (Micro Finance)ৰ ঋণ মাফ কৰা আৰু জীৱন-জীৱিকা অভিযানৰ জৰিয়তে মহিলাৰ আত্মসহায়ক গোটলৈ 10 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ দাবীত মাইক্ৰ’ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চই সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই সন্দৰ্ভত 8 জুলাইত মুখ্যমন্ত্ৰীলৈ গণস্বক্ষৰ সম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল মঞ্চই ৷

protest-for-micro-finance-loan
মাইক্ৰ’ ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ
author img

By

Published : Jul 13, 2021, 9:25 AM IST

চামগুৰি, 13 জুলাই : নগাঁৱত সোমবাৰে মাইক্ৰ’ফাইনেঞ্চ (Micro Finance)ৰ ঋণ মাফ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মহিলা সমাজে ৷ মাইক্ৰ’ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ আহ্বানত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ঋণগ্ৰস্ত সকলো মহিলাৰ ঋণ মাফ কৰি দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ক আহ্বান জনায় প্ৰতিবাদী মহিলাসকলে ৷ মুখ্যমন্ত্ৰী শৰ্মাই একাংশ মহিলাৰ একাউণ্ট এনপিএ (NPA) কৰাৰ বিৰোধিতা কৰি সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

উল্লেখ্য যে, ৰাজ্যজুৰি বিভিন্ন অঞ্চলত কেইবাটাও সংগঠনৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী ৷ এই কথা সদৰী কৰে মাইক্ৰ’ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক তথা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই ৷ এই ঋণ মাফ কৰাৰ সন্দৰ্ভত যাতে চৰকাৰে বিস্তৃতভাৱে আলোচনা কৰে, তাৰ বাবে মহাজোঁটৰ বিৰোধী দলৰ প্ৰাৰ্থীসকলৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ 8 জুলাইত গণস্বক্ষৰ সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল মঞ্চই ৷

মাইক্ৰ’ ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ অভিনৱ প্ৰতিবাদ

মঞ্চৰ দাবী অনুসৰি, চৰকাৰে মাইক্ৰ’ফাইনেঞ্চৰ সকলো ঋণগ্ৰস্ত মহিলাৰ ঋণ মাফ কৰিব লাগে । ঋণ মাফ কৰা সকলো মহিলাৰ একাউণ্ট যাতে এনপিএ নহয়, এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ ইয়াৰোপৰি জীৱন-জীৱিকা অভিযানৰ জৰিয়তে মহিলাৰ আত্মসহায়ক গোটলৈ 10 লাখ টকাৰ অনুদান আগবঢ়াবলৈ আহ্বান জনোৱা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.