ETV Bharat / state

সাংবাদিক পৰাগ ভূঞাৰ হত্যা : নগাঁৱত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Nov 14, 2020, 7:44 PM IST

সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ ন্যায় লাগে, দোষীক কঠোৰ শাস্তি বিহক, সাংবাদিক নিৰ্যাতন বন্ধ কৰক আদি বিভিন্ন ধ্বনি দি প্ৰতিবাদস্থলী উত্তাল কৰি তুলে । সংবাদ মাধ্যমৰ আগত অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক ৰানা বৰদলৈ আৰু উদ্দীপ্ত নাৰায়ন ৰজাই কয় ,চৰকাৰৰ ভূল- ক্ৰুটিবোৰ উদঙাই দিয়াৰ লগতে তিনিচুকীয়াত অব্যাহত থকা কয়লাৰ অবৈধ ব্যৱসায় বিৰুদ্ধে নিৰ্ভকভাৱে বাতৰি পৰিৱেশন কৰাৰ বাবে সাংবাদিক পৰাগ ভূঞাক হত্যা কৰা হ'ল।

protest agianst death repoter parag bhyuan at nagaon ajp
সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ তদন্ত বিচাৰি নগাঁৱত অসম জাতীয় পৰিষদৰ অবস্থান ধৰ্মঘট

চামগুৰি, 14 নৱেম্বৰঃ সাংবাদিক পৰাগ ভূঞাৰ পৰিকল্পিত হত্যাকাণ্ডৰ নিৰপেক্ষ আৰু উচিত তদন্ত বিচাৰি শনিবাৰে নগাঁৱত অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে। নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে সাংবাদিক গৰাকীৰ হত্যাৰ লগত জড়িত থকাসকলক কঠোৰ শাস্তি বিহাৰ দাবী জনায় ৷

সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ ন্যায় লাগে, দোষীক কঠোৰ শাস্তি বিহক, সাংবাদিক নিৰ্যাতন বন্ধ কৰক আদি বিভিন্ন ধ্বনি দি প্ৰতিবাদস্থলী উত্তাল কৰি তুলে । সংবাদ মাধ্যমৰ আগত অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক ৰানা বৰদলৈ আৰু উদ্দীপ্ত নাৰায়ন ৰজাই কয় ,চৰকাৰৰ ভূল- ক্ৰুটিবোৰ উদঙাই দিয়াৰ লগতে তিনিচুকীয়াত অব্যাহত থকা কয়লাৰ অবৈধ ব্যৱসায় বিৰুদ্ধে নিৰ্ভকভাৱে বাতৰি পৰিৱেশন কৰাৰ বাবে সাংবাদিক পৰাগ ভূঞাক হত্যা কৰা হ'ল। আমি এই পৰিকল্পিত হত্যাকাণ্ডৰ লগত জড়িত সকলক কঠোৰ শাস্তি বিহাৰ লগতে তদন্তৰ প্ৰতিবেদন শীঘ্ৰে ৰাজহুৱা কৰিবলৈ দাবী জনাইছো।

অবস্থান ধৰ্মঘট কাৰ্যসূচীত পৰিষদৰ ৰাজ্যিক আহ্বায়ক উদ্দীপ্ত নাৰায়ন ৰজা, ৰানা বৰদলৈ, নগাঁও জিলা সমিতিৰ মুখ্য আহ্বায়ক ক্ৰমে দেৱ কুমাৰ বৰা, আবেদুৰ ৰহমান, পুৰেন দাস, জিতেন শৰ্মা আৰু জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক অৰবিন্দ মেধি, মনোজ কুমাৰ বৰা, নগাঁও জিলা সমিতিৰ আহ্বায়ক ৰাহুল বৰা, সঞ্জীৱ কলিতা, কিশোৰ নাথ, লক্ষ্মী বাৰিক আদিয়ে অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ দিপাৱলী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা যুৱ মৰ্চাৰ ব্যতিক্ৰমী পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.