ETV Bharat / state

দণ্ডাধীশক অপব্যৱহাৰ:অভিযুক্ত আৰক্ষী বিষয়াক বৰ্খাস্তৰ দাবী - বিভাষ মেধি নামৰ দণ্ডাধীশগৰাকীক শাৰীৰিকভাৱে অপদস্থ

সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে (Protest Against Satgaon Police Station OC)। এগৰাকী দণ্ডাধীশ তথা নিৰ্বাচনী বিষয়াক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল'জ । কলিয়াবৰ মহকুমাধিপতি আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলেও প্ৰতিবাদ সাব্যস্ত কৰে ।

Protest
অভিযুক্ত আৰক্ষী বিষয়াক বৰ্খাস্তৰ দাবী
author img

By

Published : Mar 10, 2022, 7:59 PM IST

কলিয়াবৰ,১০ মাৰ্চ : যোৱা ৭ মাৰ্চত গুৱাহাটীৰ সাতগাঁও থানাত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা । থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰে থানাত গোচৰ দিবলৈ অহা এগৰাকী দণ্ডাধীশ তথা নিৰ্বাচনী বিষয়াক অশালীন ব্যৱহাৰ কৰিছিল । বিভাষ মেধি নামৰ দণ্ডাধীশগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযোগ উঠিছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে (Alligation against oc of satgaon police station)।

এই ঘটনাৰ পাছতে দণ্ডাধীশগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত প্ৰাৰম্ভিক তদন্তৰ খাতিৰত আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল'জৰ নিৰ্দেশ দিয়া হৈছে । কিন্তু এই ঘটনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এগৰাকী দণ্ডাধীশ তথা নিৰ্বাচনী বিষয়াক এনেদৰে আৰক্ষীয়ে অশালীন ব্যৱহাৰ কৰা কাৰ্যক একেমুখে গৰিহণা দিছে বহু লোকে ।

অভিযুক্ত আৰক্ষী বিষয়াক বৰ্খাস্তৰ দাবী

সমান্তৰালকৈ বিভিন্ন প্ৰান্তত অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে বহু সংগঠনে । কলিয়াবৰ মহকুমাধিপতি কাৰ্যালতো দেখা গ'ল প্ৰতিবাদ । কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি, চক্ৰ বিষয়া, নিৰ্বাচনী বিষয়া, যোগান পৰিদৰ্শক, আৱকাৰী পৰিদৰ্শককে ধৰি কাৰ্য‍্যবাহী দণ্ডাধীশ আৰু কৰ্মচাৰীসকলে এই প্ৰতিবাদত অংশ লয় । আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গান দিয়াৰ লগতে দোষী আৰক্ষী বিষয়াগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় ।

লগতে পঢ়ক :ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিষয়ে দণ্ডাধীশক অপব্যৱহাৰ কৰাৰ অভিযোগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.