ETV Bharat / state

Protest Against NHAI in Nagaon : ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে নগাঁৱত অব্যাহত প্ৰতিবাদ - AJYCP protest in Nagaon

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে নগাঁৱত অব্যাহত প্ৰতিবাদ (Protest against NHAI in Nagaon)৷ দল সংগঠনৰ প্ৰতিবাদক উপেক্ষা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৷ উৰীয়াগাঁও বাইপাছৰ দাঁতিত নিৰ্মাণকাৰ্য অব্যাহত বহিৰাগত কোম্পানীৰ ৷ এটা ঐতিহাসিক অঞ্চল নিচিহ্ন হোৱাৰ আশংকা ৷

Etv Bharat
Etv Bharat
author img

By

Published : Dec 5, 2022, 9:24 PM IST

নগাঁও, 2 ডিচেম্বৰ : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে নগাঁৱত অব্যাহত আছে প্ৰতিবাদ (Protest against NHAI in Nagaon)৷ দল-সংগঠন, স্থানীয় ৰাইজৰ প্ৰতিবাদক উপেক্ষা কৰি পথৰ দাঁতিত নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highways Authority)৷ যাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠন ।

সোমবাৰেও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় লোক, ক্ষুদ্ৰ ব্যৱসায়ীয়ে । স্থানীয় লোক, ক্ষুদ্ৰ ব্যৱসায়ী, দল সংগঠনৰ প্ৰতিবাদৰ পাছতো নগাঁৱৰ উৰিয়াগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অব্যাহত আছে নিৰ্মাণকাৰ্য (NHAI project in Nagaon)। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দীৰ্ঘদিনে সৰু সৰু ব্যৱসায়ৰে পৰিয়াল পোহপাল দিয়া ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ কৰি বহিৰাগত কোম্পানীক পেট্ৰল পাম্প, ধাবা স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে আজিও উত্তাল হৈ আছে নগাঁও ।

সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এনে কাৰ্যৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উৰিয়া গাঁও বাইপাছত আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰে (AJYCP protest in Nagaon)৷ আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰি জাতীয়তাবদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াৰ মন্তব্য- ‘‘ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে নগাঁও জিলা প্ৰশাসনক শিখণ্ডি সজাই অসমীয়া থলুৱা ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক দমন নীতিৰে বন্দুক আৰু লাঠিৰে ভয় ভাবুকি দেখুৱাই অন্যায়ভাৱে চলাই গৈছে নিৰ্মাণকাৰ্য’’।

উল্লেখ্য যে, স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী, বহু পথ বন্ধ কৰি বহিৰাগত কোম্পানীয়ে চলোৱা নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবী জনাই সংগঠনটোৱে প্ৰতিবাদ কৰাৰ উপৰিও দুদিন পূৰ্বে নগাঁও ৰাজহ চক্ৰ বিষয়াৰ সৈতেও মিলিত হৈছিল আলোচনাত । কিন্তু সকলো গুৰুত্বহীন কৰি পুনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা কাৰ্যৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় লোক ৷

সোমবাৰে নগাঁৱৰ উৰীয়াগাঁও বাইপাছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত গ্ৰহণ কৰা আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ নেতা উৎপল বনিয়াইও ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ থলুৱা বিৰোধী কাৰ্যৰ ঘোৰ বিৰোধিতা কৰে জাতীয় পৰিষদৰ নেতা উৎপল বনিয়াই ।

স্থানীয় লোক, ক্ষুদ্ৰ ব্যৱসায়ীক এইদৰে উচ্ছেদ কৰি বহিৰাগত কোম্পানীয়ে নিৰ্মাণকাৰ্য চলাই যোৱাৰ পাছতো স্থানীয় বিধায়ক জিতু গোস্বামী, সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিষয়টোৰ সন্দৰ্ভত মৌন হৈ থকাৰ অভিযোগ উত্থাপন কৰি কটাক্ষ কৰে উৎপল বনিয়াই ৷ উল্লেখযোগ্য যে, চাৰিখনকৈ বিদ্যালয়ৰ উপৰিও বহু অনুষ্ঠান-প্ৰতিষ্ঠান থকা এখন ঐতিহাসিক ঠাই সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চক্ৰবেহুত নিচিহ্ন হোৱাৰ উপক্ৰম ঘটিছে । যি কাৰ্য সহজভাৱে ল'ব পৰা নাই নগাঁৱৰ কোনো এগৰাকী সচেতন লোকে ৷

লগতে পঢ়ক : Pathetic conditions of Hospital: 30 খন বিচনাযুক্ত চিকিৎসালয়ত চিকিৎসক মাত্ৰ এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.