ETV Bharat / state

Sand mafia atrocity, কামপুৰত ৰাজপথলৈ ওলাই আহিল শতাধিক পুৰুষ মহিলা - Sand machine scam

কামপুৰত একাংশ বালি মাফিয়াৰ উদ্ভণ্ডালি ৷ নিজৰ মুনুফাৰ কাৰণে নদীৰ পাৰত অবৈধভাৱে মেচিন লগাই বালি তুলি কপিলী নৈৰ খহনীয়া বৃদ্ধি কৰাৰ লগতে বাট-পথ জৰাজীৰ্ণ কৰি পেলাইছে ৷ অচিৰেই বালি মেচিনসমূহ উঠাই নিবলৈ হুংকাৰ স্থানীয় লোকৰ (Protest against illegal sand machines at Kampur)৷

Protest against illegal sand machines at Kampur
ৰাজপথলৈ ওলাই আহিল শতাধিক পুৰুষ-মহিলা
author img

By

Published : Aug 12, 2022, 7:29 PM IST

Updated : Aug 13, 2022, 12:03 PM IST

কামপুৰ, 12 আগষ্ট: কপিলীৰ পাৰত অবৈধভাৱে স্থাপিত বালি মেচিনৰ বিৰুদ্ধে কামপুৰত গৰজি উঠিল কৃষক মুক্তিৰ লগতে শতাধিক পুৰুষ-মহিলা (Illegal sand machines ) ৷ দীৰ্ঘদিন ধৰি কামপুৰ-যমুনামুখ সংযোগী পথৰ ৩ নং ৰে’ল গেটৰ সমীপত থকা কপিলী নদীৰ বালি মহলত অবৈধভাৱে মেচিন লগাই বালি উঠাই আহিছে ৷ স্থানীয় ৰাইজে ইয়াৰ বিৰুদ্ধে পূৰ্বে দুবাৰকৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷

বালি মহলটোত অবৈধভাৱে মেচিন লগাই বালি তুলি কপিলী নৈৰ খহনীয়া বৃদ্ধি কৰাৰ লগতে বাট-পথ জৰাজীৰ্ণ কৰি পেলাইছে ৷ শুকুৰবাৰে পুনৰ অবৈধ বালি মেচিনসমূহ উঠাই নিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক পুৰুষ-মহিলাই (Protest against illegal sand machines at Kampur) ৷

ৰাজপথলৈ ওলাই আহিল শতাধিক পুৰুষ-মহিলা

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়তে জলসম্পদ বিভাগে উক্ত স্থান পৰিদৰ্শন কৰে । প্ৰতিবাদকাৰীসকলে জলসম্পদ বিভাগৰ বিষয়াৰ সন্মুখতে জবাবদিহি কৰে ৷ তাৰোপৰি বন বিষয়াগৰাকীক দালাল আখ্যা দি প্ৰতিবাদকাৰীসকলে কৰিলে বিভিন্ন গালি গালাজ ৷ সেই স্থানৰ পৰা অতি সোনকালে মেচিনেৰে বালি তোলা বন্ধ নকৰা তথা পৰৱৰ্তী সময়ত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ’লে বন বিভাগ দায়ী হ'ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ৰাইজে ৷

ৰাভা নামৰ এজন বনিয়াই ওপৰ মহলক মেনেজ কৰি এই মহলটোত অবৈধভাৱে মেচিন চলাই থকাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ৰাইজে ৷

লগতে পঢ়ক: Loan interest of Assam govt: সুদৰ নামত ৰাজকোষৰ পৰা ওলাইছে বুজন পৰিমাণৰ ধন

Last Updated : Aug 13, 2022, 12:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.