নগাঁও,30 জুনঃ পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা চমুকৈ ই আই এ এন ২০২০ ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পৰিৱেশ বিজ্ঞানী ডঃ পাৰ্থজ্যোতি দাস। নগাঁৱৰ জাজিংফাত সোমবাৰে কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনৰ উদ্যোগত এই অধিসূচনা বিৰোধিতা কৰি অনুষ্ঠিত হোৱা আলোচনা সভাত অংশগ্ৰহণ কৰে পৰিৱেশ বিজ্ঞানী ডঃ পাৰ্থজ্যোতি দাসে।
পৰিৱেশ সম্বন্ধীয় আইনসমূহৰ শিথিলতাই পৰিৱেশৰ ওপৰত বহু নেতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰাৰ লগতে পৰিৱেশ আইনৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে । সোমবাৰে হোৱা আলোচনা সভাৰ অন্তত প্ৰকৃতিপ্ৰেমী সংগঠন পান্থতৰু সংৰক্ষণী অসম, ভিউ ফাইণ্ডাৰ ফটোগ্ৰাফী শিক্ষানুষ্ঠান, বৃক্ষ বন্ধু, মুক্ত সেউজ কণ্ঠ কাজিৰঙাকে আদি কৰি কেইবাটাও সংগঠনে পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ ৰ বিৰোধিতা কৰি মঙলবাৰে কেন্দ্ৰীয় পৰিৱেশ , বন আৰু জলবায়ু মন্ত্ৰী প্ৰকাশ জাৱেদকাৰলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
লগতে পঢ়কঃআদালতত প্ৰত্যাহ্বান জনাব পাৰিব নিষিদ্ধঘোষিত চীনা এপে