ETV Bharat / state

নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মহিলাৰ জোঁৰ সমদল - Domestic violence

নগাঁৱৰ জাজৰিত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু স্থানীয় কেইবাশতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে ৷

নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মহিলাৰ জোঁৰ সমদল
author img

By

Published : Sep 15, 2019, 9:16 AM IST

নগাঁও, 15 ছেপ্তেম্বৰঃ নগাঁৱৰ জাজৰিত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু স্থানীয় কেইবাশতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মহিলাৰ জোঁৰ সমদল

উল্লেখ্য যে, যোৱা ১২ ছেপ্তেম্বৰত জাজৰি বগৰিগুৰিত স্বামীয়ে নিজ পত্নীক ডিঙি চেপি হত্যা কৰিছিল । তাৰোপৰি কিছু দিন পূৰ্বে নগাঁৱৰ ধিং গাঁৱতো এগৰাকী নৱ বিবাহিত বোৱাৰীক হাত ভৰি বান্ধি জ্বলাই হত্যা কৰিছিল । দিনকদিনে এই নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাত সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু স্থানীয় কেইবাশতাধিক মহিলাই হাতে হাতে জোঁৰ লৈ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাৰী নিৰ্যাতন বন্ধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসন ব্যৰ্থ হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে ডাইনী হত্যা, বাল্য বিবাহ, অন্ধ বিশ্বাসৰ দৰে ঘটনা সমূহ ওপৰত সজাগ কৰিবৰ বাবেও এই জোঁৰ সমদল উলিয়াই মহিলা সংগঠনটোৱে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক মহিলাই অংশ গ্ৰহণ কৰে ৷ অতি শীঘ্ৰে নাৰী নিৰ্যাতন বন্ধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী কৰিছে প্ৰতিবাদ কাৰী সকলে ৷

Intro:নগাঁৱৰ জাজৰীত মহিলাৰ প্ৰতি সামাজিক ন্যায় প্ৰদান আৰু নিৰাপত্তা নিশ্চিত কৰাৰ আহ্বানত শ শ মহিলাৰ জোৰ সমদল ।Body:নাৰী নিৰ্যাতনৰ শীৰ্ষ স্থানত নগাঁও জিলাৰ পশ্চিমাঞ্চল । নগাঁৱৰ পশ্চিমাঞ্চলত দিনক দিনে বৃদ্ধি পাই আহিছে নাৰী নিৰ্যাতনৰ ঘটনা । ১২ ছেপ্তেম্বৰত জাজৰী বগৰিগুৰিত স্বামীয়ে নিজ পত্নীক ডিঙি চেপি হত্যা কৰিছিল । কিছু দিন পূৰ্বে জিলা খনৰ ধিং সমষ্টিৰ ধিং গাঁৱতো এগৰাকী নৱ বিবাহিত বোৱাৰীক হাত ভৰি বান্ধি জ্বলাই হত্যা কৰিছিল । দিনকদিনে এই নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাত সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু স্থানীয় কেইবাশতাধিক মহিলাই হাতে হাতে জোঁৰ লৈ নাৰী হত্যা, ডাইনী হত্যা, বাল্য বিবাহ, অন্ধ বিশ্বাসৰ দৰে ঘটনা সমূহৰ ওপৰত সজাগ কৰিবৰ বাবে এই জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম । Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.