ৰূপহীহাট, ৩ জুন: হোজাইত কৰ্তব্যৰত অৱস্থাত এগৰাকী চিকিৎসকক একাংশ উদণ্ড লোকে আক্ৰমণ কৰাৰ পাচতে ক্ষোভিত হৈ পৰিছে স্বাস্থ্যকৰ্মীৰ লগতে সাধাৰণ লোক । সকলোৱে এই ঘটনাক একেমুখে গৰিহণা দিয়াৰ মাজতে বৃহস্পতিবাৰে নগাঁও জিলাৰ জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক আৰু বৃহত্তৰ ৰূপহী সচেতন নাগৰিক মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে ।
বৰ্তমান কৰ'ণা মহামাৰীৰ সংকটৰ সময়ত নিজৰ জীৱন তুচ্ছ কৰি চিকিৎসক তথা আন স্বাস্থ্য কৰ্মীসকলে মানৱ জীৱন ৰক্ষা কৰিবলৈ দিনে-নিশাই সেৱা আগবঢ়াই আহিছে । এনে সময়তে এজন চিকিৎসকক উত্তেজিত লোকে জঘন্যভাৱে আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ লগতে বৃহত্তৰ ৰূপহী সচেতন নাগৰিক মঞ্চই ৷
চিকিৎসক আক্ৰমণৰ ঘটনাৰে জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইটাই যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চিকিৎসক আৰু বৃহত্তৰ ৰূপহী সচেতন নাগৰিক মঞ্চই ৷
লগতে পঢ়ক:কন্টেইনমেণ্ট জ'নত থকা দৰিদ্ৰ পৰিয়ালক সহায় লুৰীণজ্যোতি গগৈৰ