ৰূপহীহাট,২৬ মাৰ্চ: ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাথো কেইটামান ক্ষণ বাকী থাকোতেই এজন চৰকাৰী প্ৰৱক্তাৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগৰ নীতি নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্ত প্ৰৱক্তা জন হাতীচোং কলেজৰ প্ৰৱক্তা তথা ৰূপহীহাটৰ নিবাসী নেকিবুৰ ৰহমান ।
প্ৰৱক্তা নেকিবুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰৰ সমগ্ৰ দৃশ্য গোপনে আৱদ্ধ হৈছে কেমেৰাত । উক্ত চৰকাৰী প্ৰৱক্তা নেকিবুৰে ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছে । এগৰাকী চৰকাৰী প্ৰৱক্তা হৈ নিৰ্বাচনী আয়োগৰ নীতি নিয়মক উলংঘা কৰি ৰাজনৈতিক প্ৰচাৰত নামি পৰাত সমষ্টিটোত এতিয়া চলিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
অৱশ্যে এইক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰৱক্তা গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক:তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দেউল