ETV Bharat / state

চামগুৰিত ফলাফলকেন্দ্ৰিক বিতৰ্ক: অভিযোগ নস্যাৎ বিদ্যালয়ৰ অধ্যক্ষৰ

পৰীক্ষাক লৈ বিসংগতি চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৷ দুয়োটা পৰীক্ষাতে বিসংগতিৰ অভিযোগ একাংশ শিক্ষাৰ্থীৰ ৷ ছেবাৰ (SEBA) গাইডলাইন মতে মূল্যাংকনৰ ভিত্তিত দিয়া নম্বৰত বিদ্যালয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ আসোঁৱাহ নাই বুলি মন্তব্য বিদ্যালয়ৰ অধ্যক্ষৰ ৷

author img

By

Published : Aug 8, 2021, 1:29 PM IST

principal press meet
চামগুৰিত ফলাফলকেন্দ্ৰিক বিতৰ্ক

চামগুৰি, ৮ আগষ্ট : ক'ভিড পৰিস্থিতিৰ(Covid situation) বাবে এইবাৰ অনুষ্ঠিত নহ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC examination) আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা (HS final examination) । অৱশ্যে শিক্ষা বিভাগে (Education department) পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে বিকল্প মূল্যায়ন ব্যৱস্থা (Evaluation System) গ্ৰহণ কৰি দুয়োটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে । লক্ষণীয়ভাৱে এই ব্যৱস্থাক লৈ সন্তুষ্ট নহয় একাংশ শিক্ষাৰ্থী ।

ফলাফলৰ পাচতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিদ্যালয় আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ৷ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়টো দুয়োটা পৰীক্ষাতে বিসংগতি হোৱা বুলি একাংশ শিক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰিছিল । সেই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

এই লৈ আনকি বিদ্যালয় কৰ্তৃপক্ষৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যাৰ বাবে সংবাদমাধ্যমৰ সন্মুখত মুখ খুলিলে বিদ্যালয়খনৰ অধ্যক্ষ প্ৰণৱ গোস্বামীয়ে । শনিবাৰে বিদ্যালয় প্ৰাংগনত এক সংবাদমেলৰ আয়োজন কৰি অধ্যক্ষগৰাকীয়ে শিক্ষাৰ্থীসকলৰ অভিযোগ নস্যাৎ কৰে ৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মৃদুল কলিতাসহ কেইবাগৰাকীও শিক্ষক সংবাদ মেলত উপস্থিত থাকে ।

ছেবাৰ (SEBA) গাইডলাইন মতে মূল্যাংকনৰ ভিত্তিত দিয়া নম্বৰত বিদ্যালয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ আসোঁৱাহ নাই বুলিও মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে ৷ তেওঁ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোনো ধৰণৰ প্ৰেক্টিকেল বিষয় নাই বুলি স্পষ্ট কৰি অভিযোগ খণ্ডন কৰে ৷ লগতে ফলাফলৰ ক্ষেত্রত বিদ্যালয়খনৰ অধ্যক্ষ আৰু এগৰাকী সহ শিক্ষকে ধন লৈ একাংশ ছাত্র-ছাত্রীক উত্তীৰ্ণ কৰাই দিয়া বুলি যি অভিযোগ উত্থাপন হৈছিল সেয়া সম্পূৰ্ণৰূপে নস্যাৎ কৰে ।

লগতে পঢ়ক: ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ নিৰ্মাণ পেডিঅ’ট্রিক ICU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.