নগাঁও, 17 জুলাই : শুকুৰবাৰে নগাঁৱৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে,নগাঁৱত এই পৰ্যন্ত এহেজাৰৰো অধিক কৰ'ণা আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰা হৈছে । লগতে এই সতৰ্কবাণীও প্ৰদান কৰে যে,অহা 30 আগষ্টৰ ভিতৰত নগাঁৱত 2,500 লোক ক'ভিড-19ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে ।
নগাঁও চহৰৰ চাৰিদিশৰ চাৰিখন বিদ্যালয়ত স্ক্ৰীনিঙৰ ব্যৱস্থা কৰাৰ লগতে ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবেও অধিক বিছনাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱত আধা ঘণ্টাতে ক'ভিড ফলাফল লাভ কৰিবৰ বাবে ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা কৰাৰ কথাও জনাই মন্ত্ৰীগৰাকীয়ে ৷ জাপানীজ এনকেফেলাইটিছ ৰোগৰ ক্ষেত্ৰতো চৰকাৰে সমানে গুৰুত্ব দিয়া বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই । এই পৰ্যন্ত 9 জনকৈ লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে যদিও ভয়াৱহ ৰূপ লোৱা নাই ।
আগষ্ট, ছেপ্টেম্বৰত মাহত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । নগাঁও চহৰকে ধৰি ডিব্ৰুগড়, গোলাঘাট আদি কেইবাখনো চহৰত কৰ'ণাই ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক তথ্য প্ৰদান কৰা বুলি উল্লেখ কৰি এই ক্ষেত্ৰত চৰকাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হোৱা বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটী মেডিকেল কলেজত আজি পর্যন্ত 400 তকৈ অধিক কৰ'ণা আক্ৰান্ত ৰোগী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ কথাও উল্লেখ কৰে মন্ত্ৰী শৰ্মাই । নগাঁৱত আজি পৰ্যন্ত লক ডাউনৰ প্ৰয়োজনীয়তা নাই বুলিও উল্লেখ কৰি এই ক্ষেত্ৰত জিলা উপায়ুক্তক প্ৰয়োজন সাপেক্ষে সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব দিয়া হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি বনৰজা