ETV Bharat / state

লাওখোৱা-বুঢ়াচাপৰিত পক্ষীৰ জৰীপ - as10021

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত কৰ্তৃপক্ষই পক্ষীৰ জৰীপ কৰিছে লাওখোৱা-বুঢ়াচাপৰি বন্য়প্ৰাণী অভয়াৰণ্য়ত । এই সময়ত লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ৭০ টা বিভিন্ন প্ৰজাতিৰ মুঠ ৭১,৯০২ টা চৰাই গণনা কৰা হৈছিল ।

লাওখোৱা-বুঢ়াচাপৰিত পক্ষীৰ জৰীপ
লাওখোৱা-বুঢ়াচাপৰিত পক্ষীৰ জৰীপ
author img

By

Published : Feb 11, 2021, 10:09 PM IST

ৰূপহীহাট, ১১ফেব্ৰুৱাৰী: শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত কৰ্তৃপক্ষই জৰীপ কৰিছে উদ্যান খনৰ বিভিন্ন প্ৰকাৰৰ পক্ষীৰ । যোৱা ৬ আৰু ৭ ফেব্ৰুৱাৰীত জলচৰ পক্ষী আৰু শীতকালীন বিভিন্ন পৰিভ্ৰমী চৰাইৰ জৰীপ কৰে সংশ্লিষ্ট বিভাগ কেইটাই । বিভিন্ন পক্ষীৰ সংখ্য়াৰ সংৰক্ষণ আৰু ইয়াৰ হিচাপ লোৱাৰ লগতে জলাহভূমিৰ প্ৰকৃতি নিৰীক্ষণ কৰা আৰু মূল্যায়ন কৰা এই জৰীপৰ লক্ষ্য় । নগাঁও বন্যপ্ৰাণী সংমণ্ডলে লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ১০ টা আৰ্দ্ৰভূমি চিনাক্ত কৰাৰ লগতে ১০ টা প্ৰজাতিৰ পৰীভ্ৰমী চৰাই চিহ্নিত কৰে ।

লাওখোৱা-বুঢ়াচাপৰিত পক্ষীৰ জৰীপ
লাওখোৱা-বুঢ়াচাপৰিত পক্ষীৰ জৰীপ

দুয়োটা দিনতে জৰীপৰ অন্তত বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰধান মুখ্য বন সংৰক্ষক অমিত সাহাই জনোৱা মতে এই সময়ত লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ৭০ টা বিভিন্ন প্ৰজাতিৰ মুঠ ৭১,৯০২ টা চৰাই গণনা কৰা হৈছিল । ইয়াৰে সৰ্বাধিক সংখ্য়ক প্ৰজাতি আছিল এনাটিডি পৰিয়ালৰ । ইয়াৰে শীৰ্ষ তিনিটা প্ৰজাতি হৈছে উৰেছিয়ান কুট, কমন টিল আৰু গ্ৰেলাগ গুজ। তদুপৰি, ৭০ টা জলচৰ পক্ষীৰ প্ৰজাতিৰ ভিতৰত ৩১ টা হৈছে ইউৰোপ, মধ্য এছিয়া আৰু পূৱ এছিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিভ্ৰমী প্ৰজাতিৰ চৰাই।

চৰাইৰ মুঠ সংখ্যা বিগত বৰ্ষত ৯২৪৪ ৰ পৰা চলিত বৰ্ষত ৭১৯০২টালৈ বৃদ্ধি পাইছে । লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰ’মাৰী বিলত সৰ্বাধিক সংখ্যক চৰাই পোৱা গৈছিল । য’ত ৫৯,৮৫৩ টা চৰাই গণনা কৰা হৈছিল। উল্লেখ্য যে অভয়াৰণ্যখনত চলোৱা গণনাত বেৰৰ পোচাৰ্ড, গ্ৰেট স্কেপ, পাইড আভোচেট, গ্লচি ইবিছ, স্লেডাৰ-বিল কৰা শকুনা আৰু চিনেৰিয়াছ শকুনোৰ দৰে বিৰল চৰাই থকাৰ তথ্য পোহৰলৈ আহিছে ।

লগতে পঢ়ক:ডিফুত বৃহস্পতিবাৰে উন্মোচিত হ'ল কেইবাখনো গ্ৰন্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.