নগাঁও, 17 মে' : অসমীয়া যুৱকক চৰকাৰী ঠিকাৰ কামত নিয়োজিত হ'বলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল যদিও বিভিন্ন বিভাগত অসমীয়া যুৱকক ঠিকাৰ কাম দিয়াৰ বিপৰীতে পুঁজিপতি বণিয়াক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে । একে সময়তে ৰাজ্যৰ শক্তি বিভাগতো অসমীয়া যুৱকক বঞ্চিত কৰি বহিৰাগত বনিক গোষ্ঠীক বিভাগটোৰ ঠিকাৰ কামত অগ্ৰাধিকাৰ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰটিআই কৰ্মী দিলীপ নাথে ।
তথ্য জনাৰ অধিকাৰ আইন ২০০৫ৰ (Right to Information Act 2005)অধীনত আৰটিআই কৰ্মী দিলীপ নাথে লাভ কৰা তথ্য অনুসৰি অসমীয়া ঠিকাদাৰক বঞ্চিত কৰাৰ তথ্য পোহৰলৈ আহিছে । মঙলবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি ৰাজ্যৰ শক্তি বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰটিআই কৰ্মী দিলীপ নাথ (Press meet of RTI activist against apdcl)। মন্ত্ৰী বিমল বৰাৰ শক্তি বিভাগত ৯ মে' তাৰিখে ই টেণ্ডাৰিঙৰ জৰিয়তে আহ্বান কৰে নিবিদা । বিভাগটোৱে ঠিকাৰ নিবিদাৰ বাবে জাৰি কৰা নীতি নিয়মে অসমীয়া বহু ঠিকাদাৰক হতাশ কৰা বুলি উল্লেখ কৰে আৰটিআই কৰ্মী দিলীপ নাথে ।
বৈদ্যুতিক মণ্ডলৰ পুৰণি তাঁৰ সলনি কৰি নতুন কেৱল তাঁৰ সংযোগ কৰাৰ ব্যৱস্থা কৰিছে শক্তি বিতৰণ কেন্দ্ৰই । সেইদৰে নতুন তাঁৰ সংযোগৰ বাবেই আহ্বান কৰা হৈছিল নিবিদাৰ । পেকেজ হিচাপত আহ্বান কৰা নিবিদাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ১১৩ কোটি ৮৩ লাখ ৭০ হাজাৰ ৫৪৫ টকা । শক্তি বিভাগে নিৰ্ধাৰণ কৰি দিয়া পেকেজৰ ঠিকাৰ কাম কৰিবলৈ বিচৰা হৈছে পূৰ্বৰ অতি কমেও ৮০ কোটি টকা কাম কৰাৰ অভিজ্ঞতা ।
কিন্তু অসমত এই পৰ্যন্ত ২০/২২ কোটি টকাৰ ওপৰত কোনো কামেই হোৱা নাই বুলি অভিযোগ আৰটিআইকৰ্মী দিলীপ নাথৰ । যাৰ ফলত অসমীয়া থলুৱা ঠিকাদাৰে এই ঠিকা লাভৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত বুলি দাবী কৰে আৰটিআই কৰ্মীগৰাকীয়ে । অতি কৌশলেৰে অসমীয়া ঠিকাদাৰক বঞ্চিত কৰি বহিঃৰাজ্যৰ পুঁজিপতি ঠিকাদাৰক সুবিধা কৰি দিয়াৰ অভিযোগ কৰে আৰটিআই কৰ্মী দিলীপ নাথে ।
লগতে পঢ়ক : ব্যতিক্ৰমী প্ৰচেষ্টা: এশ বৰেণ্য ব্যক্তিৰ এশখন জীৱনীমূলক গ্ৰন্থ উন্মোচন