কলিয়াবৰ, 24 মাৰ্চ : শিলঘাটত এতিয়া এক অনন্য পৰিৱেশে বিৰাজ কৰিছে ৷ আয়োজন চলিছে বিখ্যাত অশোকাষ্টমী মেলা উদযাপনৰ (102nd Silghat Ashokastami Mela) ৷ এইবেলি সাত দিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব ১০২ সংখ্যক অশোকাষ্টমী মেলা ৷ 29 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে চলিব এই মেলা ৷
মেলা সমিতিৰ উদ্যোগত ইতিমধ্যে মেলাস্থলীত যুদ্ধগতিৰে যাৱতীয় কাম-কাজ চলি আছে । পূৰ্বৰ মেলা অনুষ্ঠিত হোৱা পথাৰৰ অধিকাংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ ফলত শিলঘাটৰ পথৰ কাষত মেলাৰ বিপনীসমূহৰ ব্যৱস্থা কৰা হৈছে । এই সন্দৰ্ভত মেলা সমিতিয়ে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে অৱগত কৰে । বৰ্তমানে সমগ্ৰ অঞ্চলটোত ঢেকীয়াপতীয়া বাঘৰ আতংকই দেখা দি থকাৰ পৰিপেক্ষিতত ভক্তপ্ৰান ৰাইজক কামাখ্যা মন্দিৰৰ ৰাস্তাটোৰে মেলালৈ নাযাবলৈ আয়োজক মণ্ডলীয়ে অনুৰোধ জনাইছে ৷
![Ashokastami Mela at Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-mar-24-102nd-silghat-ashokastami-mela-at-kaliabor-vis-as10053_24032023092305_2403f_1679629985_676.jpg)
১৯৩৫ চনতেই বৃটিছে পতা শিলঘাট টাউনৰ কামাখ্যা পাহাৰস্থিত কামাখ্যা মন্দিৰৰ নামনিত অশোকাষ্টমীৰ স্নান আৰম্ভ হোৱাৰ প্ৰমাণিক তথ্য নাই যদিও বৃটিছৰ শাসন কালত উন্নত যাতায়ত ব্যৱস্থাৰ বাবে বহিঃ স্থানৰ ভক্তৰ সমাগম বৃদ্ধি পালে, যাৰ ফলত প্ৰসাৰ আৰু প্ৰচাৰ দুয়োটাই বৃদ্ধি পালে । প্ৰতি বছৰে অশোকাষ্টমী তিথিত গড়ে প্ৰায় কুৰি হাজাৰৰো অধিক ভক্তই শিলঘাট কামাখ্যা পাহাৰৰ নামনিৰ ব্ৰহ্মপুত্ৰত স্নান কৰে । স্নানযাত্ৰীৰ সমাগম বৃদ্ধিৰ লগে-লগে স্নান ঘাটত আৰম্ভ হ'ল চিৰা, গুৰ, কল আদিৰ ব্যৱসায় । তাৰ লগে লগে ব্যৱসায়ৰ পৰিসৰ বাহিল স্নানৰ সময়ত বা পিচত প্ৰয়োজনীয় সামগ্ৰীৰ ।
এক মেলামুখী পৰিবেশৰ মাজত এদিনীয়া অশোকাষ্টমী সপ্তাহ জোৰাকৈ উদযাপিত হ'বলৈ ধৰিলে (Silghat Ashokastami Mela) । হৈ পৰিল কলিয়াবৰৰ এক বাৰ্ষিক উৎসৱ, য’লৈ অগণন ভক্তৰ সোঁত বয় ৷ নগাঁও জিলাৰ এসময়ৰ বৃটিছ নগৰী শিলঘাটত অশোকাষ্টমী স্নানৰ সমান্তৰালকৈ কেতিয়াৰ পৰা অশোকাষ্টমী মেলা আৰম্ভ হ'ল কোৱা টান যদিও, ১৯২১ চনত অশোকাষ্টমী মেলা আৰম্ভ হৈছিল বুলি থকা তথ্যৰ ভিত্তিত ইয়াৰ আৰম্ভণি তাৰো আগৰ বুলি ক'ব পাৰি ।
![Ashokastami Mela at Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-mar-24-102nd-silghat-ashokastami-mela-at-kaliabor-vis-as10053_24032023092305_2403f_1679629985_614.jpg)
মেলা অনুষ্ঠিত হৈ অহা দিনৰে পৰা মেলাৰ সু-পৰিচালনাৰ বাবে একোখনকৈ পৰিচালনা সমিতি গঠন কৰা হৈছিল যদিও ১৯৩৯ চনত 'শিলঘাট অশোকাষ্টমী মেলা সমিতি" নামেৰে এক স্থায়ী সমিতি গঠন কৰা হয় । যোৱা বৰ্ষত "শিলঘাট অশোকাষ্টমী মেলা সমিতি"য়ে শতবৰ্ষ উৎসৱ আয়োজনৰ প্ৰস্তুতি চলাইছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে বাতিল কৰিব লগা হয় । বিভিন্ন সামাজিক কামৰ লগত জড়িত শিলঘাট অশোকাষ্টমী মেলা সমিতিয়ে শিলঘাটত এখন কনিষ্ঠ মহাবিদ্যালয় আৰু এখন বিদ্যালয় চলাই আছে । য'ত স্থানীয় দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকে পঢ়োৱাৰ লগতে কিতাপ বহীও যোগান ধৰে বিনামূল্যে । লগতে অশোকাষ্টমী মেলা সমিতিয়ে শিলঘাটত ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও কৰিছে ।
কিন্তু যোৱা দুটা বছৰ মেলা অনুষ্ঠিত নোহোৱাত এই অনুষ্ঠান দুটাৰ পৰিচালনাত মেলা সমিতি বিশেষ অসুবিধাৰ সন্মুখীন হৈছিল ৷ অৱশ্যে সদস্য তথা ৰাইজৰ সমূহীয়া প্ৰচেষ্টাৰে বিদ্যালয় দুখনৰ পৰিচালনাত যতি পৰিবলৈ দিয়া নাই ।
লগতে পঢ়ক : G20 Summit 2023 in Dibrugarh: দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ মনোহাৰী টী ৰিট্ৰিটত G20 সন্মিলন