ETV Bharat / state

Doul Utsav of Assam : ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০ সংখ্যক দৌল উৎসৱৰ আয়োজন

ৰহাৰ সমীপৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০ সংখ্যক দৌল উৎসৱৰ আয়োজন কৰা হৈছে (preparation for celebrating dol utsav in Assam) ৷ সবিশেষ আগলৈ-

dol utsav
দৌল উৎসৱ
author img

By

Published : Mar 4, 2023, 10:40 PM IST

ৰহা, 4 মাৰ্চ : ৰহাৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত বিগত বছৰসমূহৰ দৰে চলিত বৰ্ষতো অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে (preparation for celebrating dol utsav in Assam) । ইতিমধ্যে থান পৰিচালনা আৰু উৎসৱ উদযাপন সমিতিয়ে দৌল উৎসৱৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । উল্লেখযোগ্য যে ১৯৯৩ চনৰে পৰা ক্ৰমাগতভাৱে উদযাপন কৰি অহা সাৰ্বজনীন গৰখীয়া থানৰ দৌল উৎসৱে চলিত বৰ্ষত ৩০ সংখ্যক বৰ্ষত পদাৰ্পণ কৰিছে (Assam dol utsav) ।

৩৫৫ বছৰীয়া ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ কাৰ্যসূচী অনুসৰি অহা ৬ মাৰ্চত পুৱা পৰিৱেশ নিকাকৰণ, গছ পুলি ৰোপনৰ অন্তত থানৰ ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পন, দান বৰঙণি- শৰাই-সফুঁৰা গ্ৰহণ, সোঁৱৰণি তোৰণ উন্মোচন, কীৰ্তন পাঠ, দুপৰীয়া প্ৰসংগ, নৱ নিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰা হ'ব । বিয়লি শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতাৰ অন্তত সমূহীয়া বন্তি প্ৰজ্বলন আৰু সান্ধ্য প্ৰসংগৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি মৰা হ'ব ।

৭ মাৰ্চত পুৱা দৌল মন্দিৰত দৌল ধ্বজা উৰণ, মণিকূট-বন্তি প্ৰজ্বলনৰ পাছত অঞ্চলৰ ২৯ গৰাকী নামঘৰৰ বিষয়ববীয়াই ধৰ্ম ধ্বজা আৰু জলচী লৈ উৎসৱ স্থলীলৈ যাত্ৰা কৰিব ৷ যাত্ৰা কৰাৰ অন্তত ৩০ খনি ধৰ্মধ্বজা উত্তোলনৰ পাছতে গোঁসাই স্নান-স্থাপন আৰু ভকতক নিৰ্মালী প্ৰদান কৰা হ'ব । অনুষ্ঠানত মুখ্য অতিথি ৰূপে স্বাস্থ্য মন্ত্ৰী আৰু বিশিষ্ট অতিথি ৰূপে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত থাকিব ।

ইয়াৰ পাছতে খোল-নাম প্ৰসংগ, আপ্যায়ণ, বিয়লি আমন্ত্ৰিত নামতিৰ দ্বাৰা দিহানাম পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কৰা হ'ব । সন্ধ্যা যোৰা পৰিৱেশনৰ অন্তত সম্বৰ্ধনা, সাহাৰ্য প্ৰদান আৰু শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব । নিশা দলৈগাঁও আৰু ন দলৈ গাঁৱৰ মহিলা শিল্পীসকলৰ দ্বাৰা "মচুকুণ্ড ৰজাৰ কৃষ্ণ দৰ্শন" ভাওনাখনি মঞ্চস্থ কৰা হ'ব । ভাওনাখনি উদ্বোধন কৰিব বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই ।

৮ মাৰ্চত পুৱা পৱিত্ৰ হোলী খেলাৰ অন্তত কীৰ্তন পাঠ, দিহানাম পৰিবেশন, সান্ধ্য প্ৰসংগ আৰু আদৰণি-সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব । নিশা মৰিগাঁৱৰ দক্ষিণ বাৰপূজীয়া জনজাতীয় লোকবাদ্য দলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব ।

৯ মাৰ্চত পৰিৱেশ নিকাকৰণৰ অন্তত অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ময়ূৰ পংখী ৰথত দৌল গোবিন্দ গোঁসাইক ভ্ৰমণ কৰোৱা হ'ব । ইয়াৰ পাছতে কীৰ্তন পাঠ আৰু ধৰ্মধ্বজা অৱনমন-সমূহীয়া ঘোষাৰে দৌল উৎসৱৰ সামৰণি মৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে । উল্লেখ্য যে ৩০ সংখ্যক দৌল উৎসৱৰ লগত সংগতি ৰাখি ৬ মাৰ্চৰ বিয়লি আয়োজিত শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১০০ টকাকৈ ধাৰ্য কৰা হৈছে । প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত তিনিগৰাকী প্ৰতিযোগীক ক্ৰমে ৩০০১, ২০০১ আৰু ১০০১ টকাৰে পুৰস্কৃত কৰা হ'ব । সবিশেষ জানিবৰ বাবে ৭০০২৬৯২৮৬৮ নাইবা ৯৩৬৫০৮০২৮৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

লগতে পঢ়ক : Devi Dol in crisis : দেৱীদৌলৰ প্ৰতি ভাবুকি, পুৰাতত্ব বিভাগৰ বিৰুদ্ধে সৰৱ স্থানীয় সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.